ক’ৰ’নাৰ দ্বিতীয় ঢৌৰ মোকাবিলাত মোদী চৰকাৰৰ সমালোচনা কৰিলে দেশৰ অর্থমন্ত্রী নির্মলা সীতাৰমনৰ স্বামী পৰকলা প্রভাকৰে ৷ তেওঁৰ অভিযোগ, মানুহক সহায় নকৰি শিৰোনামলৈ অহাৰ চেষ্টা কৰিছে চৰকাৰে। নিজক বচোৱাৰ চেষ্টা কৰিছে মাত্ৰ। ইউটিউব চেনেলত প্রভাকৰে কৈছে,''ক’ৰ’না সঙ্কটত ইতিবাচক পৰামর্শ দিছিল প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে। তেওঁৰ পৰামৰ্শৰ ওলোটা অসভ্য প্রতিক্রিয়া আগবঢ়াই ৰাজনীতি কৰাৰ চেষ্টা কৰিছে কেন্দ্রীয় মন্ত্রীয়ে।''
প্রভাকৰ কৈছে,''সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰতত ক’ৰ’না সংক্রমণ তীব্র গতিত বাঢ়িছে। মৃত্যুৰ পৰিসংখ্যাই ৰেকর্ড ভাঙিছে। স্বাস্থ্য ব্যৱস্থা বৰ্তমান জৰুৰীকালীন পৰিস্থিতিত। কেন্দ্রীয় চৰকাৰক জবাবদিহি কৰিব লাগিব। নিজৰ মানুহৰ মৃত্যু কষ্টকৰ অনুভৱ হৈছে, আনৰ বেলিকা কেৱল পৰিসংখ্যা! মৃত্যু আৰু সংক্রমিতৰ সংখ্যা কমকৈ দেখুৱা হৈছে। চিকিৎসকসকলে কৈছে, পৰিস্থিতি উদ্বেগজনক। পৰীক্ষাৰ পৰিকাঠামোও ভাঙি পৰিছে। চাপ সম্ভালিব পৰা নাই চিকিৎসালয় আৰু লেবৰেটৰী সমূহত। চিকিৎসালয়ৰ বাহিৰত এম্বুলেন্সৰ ছবি, শ্মশানত পুৰিছে এটাৰ পিছত এটা মৃতদেহ, চিকিৎসালয়ত ঠাই নাই, ৰোগীৰ পৰিয়ালে কান্দিছে- সামাজিক মাধ্যমত এই সকলো ছবি ভাঁহি আহিছে।''
প্রধানমন্ত্রীক পোনপটীয়াকৈ দোষাৰোপ কৰি সীতাৰমনৰ স্বামীয়ে কৈছে,''চৰকাৰৰ ব্যর্থতা আৰু হৃদয়হীনতা ঢাকিবলৈ প্রধানমন্ত্রীৰ জনপ্রিয়তা আৰু বাকপটুতা কামত লগা নাই। প্ৰব্ৰজনকাৰী শ্রমিকসকলৰ দুর্দশাই স্পর্শ কৰা নাই তেওঁক। কিন্তু জনপ্রিয়তা আৰু ৰাজনৈতিক পুঁজি উৰি যাবলৈ সময় নালাগে। এই ধৰণৰ অসংবেদনশীল আচৰণ বেছি দিন নিটিকে। সহানুভূতি, স্বচ্ছতা আৰু সহমর্মিতা থাকি যাব চিৰকাল। দুটাৰ ভিতৰত এটা বিকল্প বাছি ল’ব লাগিব প্রধানমন্ত্রীয়ে। তেওঁৰ এই নীৰৱতা বেছিদিন নচলিব। এবাৰতো পদক্ষেপ লওক। অস্বস্তিকৰ প্রশ্নৰ উত্তৰ এৰি গৈছে চৰকাৰে। প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে উত্তম পৰামর্শ আগবঢ়াইছিল। অথচ সেই সন্দৰ্ভত ৰাজনীতি হ’ল।''
ক’ৰ’না পৰিস্থিতিতো পশ্চিমবংগত প্রচাৰ চলাই গৈছে ৰাজনৈতিক নেতাসকলে। এই সন্দৰ্ভত তেওঁ মন্তব্য কৰিলে, 'মুখ্যমন্ত্রী আৰু প্রধানমন্ত্রীয়ে বহু ভিৰ গোটাই সভা কৰিছে। কুম্ভমেলা চলিছে। পৰিস্থিতি যেতিয়া হাতৰ বাহিৰলৈ গুচি গ’ল, তেতিয়াহে হুঁচ ঘুৰি আহিল তেওঁলোকৰ। কুম্ভমেলা প্রতীকী কৰা হ’ল। ৰাহুল গান্ধীয়ে সভা বাতিলৰ ঘোষণা কৰিলে।''
লকডাউন সমস্যাৰ সমাধান নহ’লেও বর্তমান পৰিকাঠামো আৰু ভেক্চিনৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰিলে প্রভাকৰে। তেওঁৰ অভিমত,৭০ শতাংশ মানুহক টিকাকৰণৰ আওতাত আনিব লাগিব। ভেক্চিন দিব লাগিব শিশু আৰু অন্তঃসত্ত্বাসকলক বাদ দি ৭০ কোটি মানুহক। ইয়াৰ বাবে প্ৰয়োজন ১৪০ কোটি ডোজ ভেক্চিন। সমগ্ৰ দেশৰপৰা ক’ভিড দূৰ নহ’লে মুক্তি পোৱা নাযাব।''
- Log in to post comments
- 32 views