দিল্লীত এতিয়া মৃত্যুও শান্তিৰে অহা নাই ৷ ভাৰতবৰ্ষত ক’ভিড-১৯ৰ লক্ষ লক্ষ ৰোগীৰ বিপৰীতে বৰ্তমান চিকিৎসাৰ সামগ্ৰী আৰু অক্সিজেনৰ নাটনি হৈছে ৷
এফালে মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ আনফালে ৰোগীৰ পৰিয়ালক চাপ দিয়া হৈছে প্ৰয়োজনত অক্সিজেন নিজেই আনিবলৈ ৷ মৃত ব্যক্তিৰ শেষকৃত্য সম্পন্ন কৰিবলৈও দীঘলীয়া শাৰীত ঠিয় দিব লগা হৈছে ৷
দেশে নিশ্চিত কৰিছে ১,৮৬,০০০ৰো অধিক মৃত্যু আৰু ১৬মিলিয়ন সংক্ৰমণৰ ঘটনা ৷ কিন্তু দেশৰ কিছুমান চহৰত সাংবাদিকৰ অনুসন্ধানত ওলাইছে চৰকাৰী হিচাপতকৈ অধিক মৃত্যু আৰু সংক্ৰমণৰ সংখ্যা ৷ জনতাই প্ৰশ্ন তুলিছে চৰকাৰৰ সক্ষমতাৰ ওপৰত ৷
- Log in to post comments
- 17 views