ক’ৰ’না পৰিস্থিতি ক্ৰমশঃ বেয়াৰ ফালে ঢাল খাইছে। এই মুহূর্তত কামত লগাব লাগিব পিএম কেয়াৰ ফাণ্ড। পিএম কেয়াৰ ফাণ্ডৰ টকাত এই মুহূর্তত ৫৫১টা অক্সিজেন জেনাৰেচন প্লেন্ট নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ পোৱা গৈছে। যিমান দ্রুতভাৱে সম্ভৱ এই প্লেন্ট সমূহ নিৰ্মাণ কৰিবলৈ ইতিমধ্যে আলোচনা আৰম্ভ হৈছে।
প্রধানমন্ত্রীয়ে জনাইছে, ৫৫১টা প্লেন্টে যি পৰিমাণৰ অক্সিজেন প্রস্তুত কৰিব তাত জিলা স্তৰৰ মানুহো উপকৃত হ’ব।
জানিবলৈ পোৱা গৈছে,চৰকাৰী চিকিৎসালয়, বেচৰকাৰী চিকিৎসালয় সংলগ্ন এলেকাযত আৰু কেন্দ্রীয়শাসিত অঞ্চল, ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণ কৰা হ’ব Pressure Swing Adsorption medical oxygen generation plants সমূহ। মূলতঃ চিকিৎসালয়ৰ নিকটৱর্তী স্থানতেই নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ পোৱা গৈছে।
- Log in to post comments
- 12 views