প্ৰায় চাৰে তিনি লাখ চুইছেগৈ ক’ৰ’না সংক্রমণে। বিগত ২৪ ঘণ্টাত পুনৰ ৰেকর্ড আক্রান্ত ভাৰতত। স্বাস্থ্য মন্ত্রালয়ৰ প্রকাশিত ৰিপোর্ট অনুযায়ী ক’ৰ’নাত আক্রান্ত হৈছে ৩ লাখ ৪৬ হাজাৰ ৭৮৬ জন। মৃত্যু সংখ্যাতো অভিলেখ সৃষ্টি কৰিছে ভাৰতে। ২৪ ঘণ্টাত মৃত্যু হৈছে ২৬২৪ জনৰ।
ক’ভিড মুক্ত হৈছে ২,১৯,৮৩৮ জন। ভাৰতত মুঠ ক’ৰ’না আক্রান্ত হৈছে ১,৬৬,১০,৪৮১ জন। ইয়াৰ ভিতৰত সুস্থ হৈছে, ১,৩৮,৬৭,৯৯৭জন। মুঠ মৃত্যু হৈছে ১,৮৯,৫৪৪ জনৰ। কিন্তু বৃদ্ধি পাইছে সক্রিয় ক’ৰ’না আক্রান্তৰ সংখ্যা। ক’ৰ’নাৰ হাৰ বৃদ্ধি মূল চিন্তাৰ ডাঙৰ কাৰণ হৈ উঠিছে। প্রকাশিত ৰিপোর্ট অনুযায়ী সক্রিয় ৰোগীৰ সংখ্যা ২৫,৫২,৯৪০জন। এই সংখ্যাতেই মুখ থেকেঁচা খাই পৰিছে ভাৰতৰ স্বাস্থ্য ব্যৱস্থা। নাই বিচনা, নাই পর্যাপ্ত অক্সিজেন। মৃত্যু মিছিল লাগিছে দেশ জুৰি। চিতাৰ লেলিহান শিখাই আকাশ চুইছে।
ইয়াৰ মাজতে চলি আছে ভেক্চিন প্রক্রিয়া। এই পৰ্যন্ত ভেক্চিন প্ৰদান কৰা হৈছে ১৩,৮৩,৭৯,৮৩২ জন লোকক।
- Log in to post comments
- 9 views