এফালে অক্সিজেনে প্ৰাণ দিয়াৰ বিপৰীতে আনফালে মৃত্যুৰ কাৰণো হৈছে অক্সিজেন ৷ মহাৰাষ্ট্ৰৰ নাশ্বিকৰ এখন চিকিৎসালয়ত এখন অক্সিজেন কঢ়িয়াই অনা টেংকাৰৰ পৰা অক্সিজেন লীক হোৱাৰ ফলত ২০জন লোকে প্ৰাণ হেৰুৱাই । ঘটনাৰ পিছতে অক্সিজেন ছাপ্লাই ব্যৱস্থা প্ৰায় আধা ঘন্টাৰ বাবে বন্ধ হৈ পৰে চিকিৎসালয় খনত ৷ চিকিৎসালয়খনত থকা ৮০জন ৰোগীৰ ভিতৰত ৩১জনক অক্সিজেন দিয়াৰ প্ৰয়োজন আছিল বাবে তেওঁলোকক ঘটনাৰ পিছতেই অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
প্ৰাপ্ত খবৰ অনুসৰি, এই ঘটনা সংঘটিত হয় জাকিৰ হুছেইন হস্পিতালৰ সমীপত। আনহাতে, মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীয়ে জনাইছে যে- ‘টেংকাৰৰ ভাল্বত ফাঁট থকাৰ বাবে নাশ্বিকত ইমান বেছি পৰিমানৰ অক্সিজেন নিৰ্গত হয়।’
ঘটনাৰ সন্দৰ্ভত মন্তব্য কৰি চীফ মেডিকেল অফিচাৰে জনাই যে- অক্সিজেন নিৰ্গত হোৱাৰ ফলত মৃত্যু হোৱা প্ৰত্যেকজন ব্যক্তিৰ পৰিয়ালক ৫ লাখ টকাকৈ দিয়া হ’ব। লগতে এই ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় এক তদন্তৰ নিৰ্দেশো দিয়া হ’ব।
- Log in to post comments
- 22 views