কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ:ক'ভিড ৰোগীৰ চিকিৎসাত ব্যৱহৃত ৰেমডেচিভিৰ ইনজেকচনৰ মূল্য হ্ৰাস কৰিলে ঔষধ কোম্পানীয়ে

Pic

ক'ভিড সংক্ৰমণৰ চিকিৎসাত ব্যৱহৃত ৰেমডেচিভিৰ ইনজেকচনৰ উপলব্ধতা বৃদ্ধি কৰিবলৈ ফাৰ্মাচিউটিকেল কোম্পানীবোৰে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ পিছত ইয়াৰ মূল্য হ্ৰাস কৰিছে।ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে (এনপিপিএ) শনিবাৰে এই বিষয়ে উল্লেখ কৰে।

কেডিলা হেল্থকেয়াৰ,ডঃ ৰেড্ডীৰ লেবৰেটৰীজ আৰু চিপ্লাৰ দৰে ঔষধ কোম্পানীবোৰে তেওঁলোকৰ নিজ নিজ ব্ৰেণ্ডৰ ৰেমডেচিভিৰ ইনজেকচনৰ (১০০ মিগ্ৰা/ভাইল) মূল্য হ্ৰাস কৰিছে।

কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী সদানন্দ গৌড়াই ঔষধ কোম্পানীবোৰৰ এই সিদ্ধান্তৰ শলাগ লৈছে।

Your Comments