মঙলবাৰে সামৰণি পৰিব দ্বিতীয় পৰ্যায়ৰ নির্বাচনৰ প্ৰচাৰ অভিযানৰ।সন্ধিয়া ৬ বজাত আনুষ্ঠানিকভাৱে সামৰণী পৰিব প্ৰচাৰ।৩৯টাকৈ সমষ্টিত ১এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।ৰাজ্যিক নির্বাচনী আয়োগে প্ৰকাশ কৰিলে এই কথা।
উল্লেখ যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে প্ৰচাৰ অভিযানৰ সামৰণি পৰিব।উক্ত সময়চোৱাত নির্বাচন সম্পৰ্কীয় কোনো সভা,শোভাযাত্ৰা,ৰেলী উলিয়াব নোৱাৰিব সমষ্টিসমূহত। ৰেডি'অ, টেলিভিছন, গণমাধ্যমত নিৰ্বাচন সম্পৰ্কীয় প্ৰচাৰ কাৰ্যসূচী বন্ধ ৰাখিব লাগিব।প্ৰকাশ কৰিব নোৱাৰিব এগজিত প'ল।
আনহাতে,ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৭২ঘন্টাৰ পূৰ্বৰ পৰা ৩৯টা সমষ্টিত বাইক ৰেলী বন্ধ কৰিছে আয়োগে।
- Log in to post comments
- 9 views