৩৫ ডলাৰৰ বাটি নিলাম হ’ব ৫ লক্ষ ডলাৰত!

Chinese bowl with historical importance

ধক্‌ধকীয়া বগা ৰঙৰ পোৰ্চেলিনৰ ওপৰত নীল ৰঙৰ ফুলৰ কাম। খুব সুন্দৰ বাটিটো। ঘৰৰ কাষৰ এখন দোকানৰপৰা বাটিটো ক্ৰয় কৰিছিলে আমেৰিকাৰ কানেকটিকাটৰ নাম প্রকাশত অনিচ্ছুক এজন ব্যক্তিয়ে। দাম পৰিছিল ৩৫ ডলাৰ। ঘৰলৈ ঘুৰি আহি বাটিটো ভাল দৰে লক্ষ্য কৰি তেওঁ বুজিব পাৰে যে এইটো সাধাৰণ বাটি নহয়। লগে লগে তেওঁ এজন পুৰাতত্ত্ববিদৰ কাষলৈ যায়। বাটিটো পৰীক্ষা কৰি পুৰাতত্ত্ববিদজনে কোৱা কথাখিনি শুনি চকু কপালত উঠিল ব্যক্তিজনৰ। 

Chinese king

জানিবলৈ পোৱা গ’ল, বাটিটো ১৫ শতিকাৰ মিং সাম্রাজ্যৰ সময়ৰ। ১৩৬৮ ৰপৰা ১৬৪৪ চন পর্যন্ত চীনত মিং সাম্রাজ্যৰ আধিপত্য আছিল। সেই সময়ত ৰজাৰ বাবে এই ধৰণৰ মূল্যবান পোর্চেলিনৰ বাচন ব্যৱহাৰ কৰা হৈছিল।

China

কিন্তু এই ধৰণৰ ঐতিহাসিক গুৰুত্বপূর্ণ এটা সম্পদ চীনৰপৰা আমেৰিকা কেনেকৈ পালেহি সেই কথা ভাবি আশ্চর্য প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। বৰ্তমান এই কথাটো পুৰাতত্ত্ববিদসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে । কিন্তু অতি মূল্যবান এই বাটিটোক লৈ কি কৰিব এই ব্যক্তিজনে? তেওঁ ঠিক কৰিলে বাটিটো নিলাম কৰিবলৈ । 

Chinese historically important bowl found in america

বিশেষজ্ঞসকলৰপৰা ঐতিহাসিক গুৰুত্বসম্পন্ন বাটিটোৰ প্ৰকৃত মূল্যও তেওঁ জানি ল’লে। ঐতিহাসিক গুৰুত্ব প্ৰতি লক্ষ্য ৰাখি এই বাটিটোৰ মূল্য ৩ লাখ ৰপৰা ৫ লাখ ডলাৰ হ’ব ৷ অহা ১৭ মার্চত এই বাটিটো নিলাম কৰা হ’ব। 

Your Comments