এই দিৱস মহিলাসকলৰ অধিকাৰৰ আন্দোলনৰ মূল কেন্দ্রবিন্দু। ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ চ’চিয়েলিষ্ট পার্টিয়ে নিউ ইয়র্ক চহৰত মহিলা দিৱসৰ আয়োজন কৰাৰ পিছত, জার্মান প্রতিনিধি ক্লাৰা জেটকিন, কেট ডানকাৰ, পলা থিয়েদে আৰু অন্যান্যসকলে ১৯১০ চনৰ আন্তর্জাতিক সমাজতান্ত্রিক মহিলা সম্মিলনত প্ৰস্তাৱ আগবঢ়াই প্রতি বছৰে এটা নিৰ্দিষ্ট মহিলা দিৱস আয়োজনৰ বাবে । সেই নাৰী দিৱসৰ মূল লক্ষ্য হৈ পৰিছিল মহিলাৰ ভোটাধিকাৰ ৷ ১৯১৭ চনত ছোভিয়েট ৰাছিয়াত মহিলা ভোটাধিকাৰ অর্জনৰ পিছত, ৮ মার্চ তাৰিখটো তাত ৰাষ্ট্ৰীয় ছুটিৰ দিনত পৰিণত হৈছিল। ১৯১৭ চনত খাদ্য আৰু শান্তিৰ বাবে কৰা আন্দোলনকে আৰম্ভ কৰি ফেব্ৰুৱাৰী আন্দোলনৰ আৰম্ভণি আদি সকলোতে নাৰীৰ ভূমিকা লক্ষণীয় ৷ এই দিৱস ১৯৬৭ চনত নাৰীবাদী আন্দোলনৰ দ্বাৰা গৃহীত নোহোৱালৈকে ১৯১৭চনৰপৰা প্রধানতঃ সমাজতান্ত্রিক আন্দোলন আৰু কমিউনিষ্ট দেশসমূহৰ দ্বাৰা উদ্যাপিত হৈ আহিছিল ৷
প্রতি বছৰে ৮ মার্চ দিনটো আন্তর্জাতিক নাৰী দিৱস হিচাপে পালিত হয়। সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্রত মহিলাসকলৰ কৃতিত্বক চিহ্নিত কৰিবলৈ মার্চ মাহৰ ৮ তাৰিখটোক আন্তর্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। পাৰিবাৰিক বা ব্যক্তিগত কিংবা পেশাদাৰী জীৱনত মহিলাসকলে নানান সমস্যাৰ মোকাবিলা কৰিব লগা হয়। এই দিন পালনৰ যোগেদি এই বিষয়টো সকলোৰে সন্মুখত তুলি ধৰি সচেতনতা প্রসাৰৰ চেষ্টা চলোৱা হয় ।
আন্তর্জাতিক নাৰী দিৱসৰ জৰিয়তে নাৰীত্বৰ উৎসৱ পালিত হয়। জাতি, ধর্ম, ভাষা, সংস্কৃতি, অর্থনৈতিক বা ৰাজনৈতিক ভেদাভেদ পাহৰি মহিলাসকলৰ কৃতিত্বক স্বীকৃতি জনোৱাৰ উদ্দেশ্যৰে এই দিনটো পালিত হয়। এই দিনটোত প্রত্যেককে নাৰীৰ অধিকাৰ, লিঙ্গ সমতা সম্পর্কে সচেতন কৰি তোলা হয়। লগতে মহিলাসকলৰ সমান অধিকাৰৰ যুঁজখন শক্তিশালী কৰা এই দিনটো পালনৰ অন্যতম উদ্দেশ্য।
কৰ’না ভাইৰাছ মহামাৰীৰ বাবে উদ্ভূত প্ৰত্যাহ্বান সমূহক চিহ্নিত কৰা হৈছে চলিত বৰ্ষৰ আন্তর্জাতিক নাৰী দিৱসত।
আন্তর্জাতিক নাৰী দিৱস ২০২১-ৰ থিম:
প্রতি বছৰে পৃথক পৃথক থিমত পালিত হয় এই দিনটো। প্রথমবাৰ ১৯৯৬ চনত নির্দিষ্ট থিমত পালিত হৈছিল আন্তর্জাতিক নাৰী দিৱস। চলিত বৰ্ষত থিম হৈছে Women in leadership: an equal future in a COVID-19 world (নেতৃত্বত নাৰী: ক’ভিড ১৯ পৃথিৱীত সমান ভৱিষ্যৎ লাভ)। সিদ্ধান্ত গ্রহণ প্রক্রিয়া, বিশেষতঃ নীতি নির্ধাৰণৰ সিদ্ধান্ত গ্রহণ প্রক্রিয়াত মহিলাসকলো সমান অংশীদাৰ হ’ব পাৰে, সেয়াই এই থিমৰ মাধ্যমেৰে প্ৰকাশ কৰা হৈছে। কেৱল সেয়ে নহয়, পৰিস্থিতিৰ চাহিদা অনুসৰি, সমান ভৱিষ্যৎ আৰু মহামাৰীৰপৰা পুনৰুদ্ধাৰৰ বাবে মহিলাসকলৰ চেষ্টাক সকলোৰে সন্মুখত তুলি ধৰাও এই থিমৰ অন্যতম উদ্দেশ্য।
ৰাষ্ট্রসংঘৰ মতে, পৃথিৱীত কেৱল মাত্ৰ তিনিখন দেশৰ সংসদত ৫০ শতাংশ বা তাৰ অধিক মহিলা আছে। কেৱল ২২খন ৰাষ্ট্রৰ প্রধান পদত উপবিষ্ট হৈছে মহিলাসকল। পৃথিৱীৰ ১১৯ খন দেশত কেতিয়াও মহিলাই ৰাষ্ট্রপ্রধানৰ ভূমিকা পালনৰ সুযোগ পোৱা নাই। ৰাষ্ট্রসংঘই জনাইছে যে, বর্তমান উন্নয়নৰ হাৰ আৰু লিঙ্গসাম্যৰ বিষয়টো বিবেচনা কৰি বুজা গৈছে যে, ২০৬৩ চনৰ পূৰ্বে সংসদত নিজৰ স্থান দৃঢ় কৰিব নোৱাৰিব মহিলাসকলে।
আনহাতে, এই মহামাৰীয়ে দেখুৱাইছে মহিলাসকলৰ নেতৃত্ব প্রদানৰ ইতিবাচক ফলাফল। কৰ’না ভাইৰাছ মহামাৰীৰ সময়ত বহুকেইটা সফল আৰু দক্ষ প্রক্রিয়াৰ নেতৃত্ব প্রদান কৰিছে মহিলাসকলে। মহামাৰীৰ সৈতে মানৱ সভ্যতাৰ যুঁজত তেওঁলোকে অগ্রণী ভূমিকা পালন কৰিছে। চিকিৎসা ক্ষেত্রৰ সৈতে জড়িত হওক বা বিজ্ঞানী, চিকিৎসক, সেৱিকা— সকলো ক্ষেত্রতেই তেওঁলোকৰ উপস্থিতিয়ে পৰিস্থিতিক উন্নত কৰিছে। কিন্তু ৰাষ্ট্রসংঘৰ দ্বাৰা প্রকাশিত এটা ৰিপোর্টত প্ৰকাশ কৰা হৈছে, বিশ্বব্যাপী নিজৰ পুৰুষ সহকর্মীসকলৰ তুলনাত ১১ শতাংশ হাৰে কম বেতন পাইছে প্ৰথম শাৰীৰ কৰ’না মহিলা যোদ্ধাসকলে। যি বেতন কাঠামোৰ বৈষম্যকেই প্রকাশ কৰে।
২০২১ চনৰ ইউনাইটেড নেচনচ্ ডেভেলপমেন্ট প্র’গ্রেমত প্ৰকাশিত এক তথ্য অনুসৰি, ৪৩.৫ কোটি মহিলা আৰু ছোৱালীয়ে দৈনিক প্রায় ১৩৫ টকাতকৈও কম উপার্জন কৰিছে ৷ কৰ’না মহামাৰীৰ সময়কালত ৪.৭ কোটি মহিলাক দাৰিদ্রৰ মুখলৈ ঠেলি দিয়া হৈছে। ৰিপোর্টত ইয়াকো কোৱা হৈছে যে, পুৰুষসকলৰ তুলনাত মহিলাসকলৰ চাকৰি ১৯ শতাংশ অধিক বিপদজনক হয়।
কেৱল সেয়ে নহয়, ৱৰ্ল্ড ইক’নমিক ফ’ৰামৰ মত অনুসৰি, চিকিৎসা ক্ষেত্রত ৭০ শতাংশ মহিলাই কাম কৰাৰ বিপৰীতে কেৱল ২৪.৭ শতাংশ স্বাস্থ্যমন্ত্রীহে মহিলা ।
- Log in to post comments
- 80 views