২৭ ফেব্ৰুৱাৰীত আমিনগাঁৱৰ চিলাৰায় উদ্যানত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী উদযাপন

অহা ২৭ ফেব্ৰুৱাৰীত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী অসম চৰকাৰ,কামৰূপ জিলা প্ৰশাসন,সদৌ অসম কোচ ৰাজবংশী সন্মিলনী,সন্মিলনীৰ উত্তৰ কামৰূপ সন্মিলনী আৰু স্থানীয় ৰাইজৰ সহযোগত আমিনগাঁওস্থিত চিলাৰায় উদ্যানত এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব।কাৰ্যসূচী অনুসৰি ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজাত কামাখ্যা মন্দিৰত থকা মহাৰাজ নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ,শ্ৰদ্ধাঞ্জলি আৰু মা কামাখ্যা দেৱীৰ শ্ৰীচৰণত পূজা অৰ্পণ কৰা হ'ব।এই কাৰ্যসূচী ৰূপায়ণ কৰিব সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ যুটীয়া সম্পাদক দিপক বৰ্মনে।ইয়াৰ পিছতে সন্মিলনীৰ পতাকা উত্তোলন কৰিব সন্মিলনীৰ সভাপতি দিলীপ কুমাৰ বৰাই।পৰৱৰ্তী কাৰ্যসূচীত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদান কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে।বন্তি প্ৰজ্জ্বলন কৰিব অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতীম কাঠকটীয়াই।ইয়াৰ পিছতে বিশ্ব মহাবীৰ চিলাৰায়লৈ অভিবাদন জনাব কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে।দুপৰীয়া ১২ বজাৰ পৰা দিলীপ কুমাৰ বৰাৰ সভাপতিত্বত আয়োজিত হ'ব লগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিত্ত,স্বাস্থ্য,শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশী।মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা ডাঃ দুৰ্লভ চমুৱা,অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত,সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা নৃপেন ঠাকুৰীয়া,ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ হেমাংগ ঠাকুৰীয়া।পৰৱৰ্তী পৰ্যায়ত বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব।সন্ধিয়া বন্তি প্ৰজ্জ্বলন কৰিব উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া জীৱন কৃষ্ণ গোস্বামীয়ে।জন্ম জয়ন্তী উদযাপনৰ কাৰ্যসূচীত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ উপস্থিতি আশা কৰিছে সন্মিলনীৰ সভাপতি দিলীপ কুমাৰ বৰা,সাধাৰণ সম্পাদক মধুসূধন মেধি তথা বিষয়ববীয়াসকলে।

Your Comments