--অতুল তামুলী--
(২০২০ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা প্ৰাপক আমেৰিকাৰ কবি লুইছ গ্লাকৰ এটা কবিতা 'A Fantasy'ৰ অনুবাদ)
মই আপোনাক কিবা এটা ক'ম:প্ৰতিদিনে
মানুহ মৰি আছে।এয়া মাত্ৰ আৰম্ভণি।
প্ৰতিদিনে মৰিশালিত নতুন বিধৱাৰ জন্ম হৈছে,
নতুন মাউৰা সন্তান।তেওঁলোকে হাত কোঁচাই বহি আছে,
নতুন জীৱনৰ বিষয়ে সিদ্ধান্ত ল'বলৈ প্ৰয়াস কৰিছে,
তাৰপিছত তেওঁলোক মৰিশালিলৈ গৈছে,
তেওঁলোকৰ কোনোবা
প্ৰথমবাৰৰ বাবে।তেওঁলোকে
কান্দিবলৈ ভয় কৰিছে,মাজে সময়ে নকন্দাৰ কাৰণে,
কোনোবা আউজি বহিছে
তেওঁলোকে ইয়াৰ পিছত কি কৰা উচিত।যাৰ অৰ্থ হ'ব পাৰে
কেতিয়াবা অলপ মাতবোল কৰা
মৰিশালিৰ থকা মুক্ত গাঁঁতত জাবৰ পেলোৱা
আৰু তাৰপিছত,সকলো ঘৰাঘৰি যোৱা
যি ঘৰ অকস্মাৎ মানুহেৰে পূৰ্ণ।
বিধৱাগৰাকী চকীত বহিল বেছ গম্ভীৰভাৱে
মানুহবোৰ শাৰী পাতি থিয় হৈ আছে তেওঁৰ ওচৰলৈ যাবলৈ
কেতিয়াবা তেওঁৰ হাত খামুচিবলৈ
কেতিয়াবা তেওঁক আকোঁৱালি ল'বলৈ।
তেওঁ ভাবিছিল প্ৰত্যককে কিবা ক'ব লাগিব
তেওঁলোকক ধন্যবাদ,অহাৰ কাৰণে
তেওঁৰ অন্তৰে বিচাৰে,তেওঁলোক আঁতৰি যাওক।
তেওঁ সৎকাৰথলীলৈ যাব খোজে,উভতি যাব খোজে ৰোগীৰ কোঠালৈ,চিকিৎসালয়ৰ।তাই জানে
ই সম্ভৱ নহয়,ই মাথোঁ তেওঁৰ আশা,
পাচ-হোঁহোকা মৰাৰ বাসনা।
আৰু মাত্ৰ অলপ
বিবাহৰ দৰে সিমান নহয়, প্ৰথম চুম্বনটো ।
A Fantasy
I'll tell you something: every day
people are dying. And that's just the beginning.
Every day, in funeral homes, new widows are born,
new orphans.They sit with their hands folded,
trying to decide about this new life.
Then they're in the cemetery,some of them
for the first time.They're frightened of crying,
sometimes of not crying.Someone leans over,
tells them what to do next,which might mean
saying a few words,sometimes
throwing dirt in the open grave.
And after that, everyone goes back to the house,
which is suddenly full of visitors.
The widow sits on the couch, very stately,
so people line up to approach her,
sometimes take her hand,sometimes embrace her.
She finds something to say to everbody,
thanks them, thanks them for coming.
In her heart, she wants them to go away.
She wants to be back in the cemetery,
back in the sickroom, the hospital.She knows
it isn't possible.But it's her only hope,
the wish to move backward.And just a little,
not so far as the marriage,the first kiss.
- Log in to post comments
- 104 views