নলবাৰীত অলৌকিক ঘটনা:ঘগ্ৰাপাৰৰ-নিজখগটাত কালী মূৰ্তি উদ্ধাৰ

Pic

*সপোনত দেখি উদ্ধাৰ কৰিলে মা কালীৰ মূৰ্তি:মূৰ্তি দৰ্শন কৰিবলৈ বিধায়ক শৰ্মাসহ ভক্তৰ ভিৰ*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৯ ফেব্ৰুৱাৰীঃ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নিজখগটা গাঁঁৱৰ পূৰ্ণ বৰপুখুৰীৰৰ পৰা মা কালীৰ মূৰ্তি আনি স্হাপন কৰিলে জয়ন্ত বেজবৰুৱাৰ ঘৰৰ পদূলিত।মা কালীৰ মূৰ্তি চাবলৈ আৰু সেৱা জনাবলৈ পুৱাৰে পৰাই ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়।

Pic

জানিব পৰা মতে আজি নিশা ১ মান বজাত নিজখগটা গাওঁৰ নিৱাসী জয়ন্ত বেজবৰুৱাক গাওঁৰ ঐতিহাসিক পূৰ্ণ বৰপুখুৰীৰ পৰা দেৱীক তেওঁৰ গৃহলৈ অনাৰ বাবে সপোনত কোৱাৰ পিছতে উক্ত পুখুৰীটোলৈ গৈ আজি নিশা ১ মান বজাত উদ্ধাৰ কৰি কালীৰ মূৰ্তিটো তেওঁৰ ঘৰৰ পদূলিত স্থাপন কৰে।তেওঁ কোৱা মতে নিশা সপোনত কোনোৱে অলৌকিক বস্তু এটাই উক্ত পুখুৰীত কালী মূৰ্তিটো আনিবলৈ মাতে যদিও তেওঁ অকলে যাব নোৱাৰিম বুলি কোৱাত লগত মানুহ নিবলৈ দিয়ে।ঘৰৰ পৰা পত্নী আৰু ককায়েকক মাতি উক্ত স্থানলৈ নিয়ে যদিও মূৰ্তিটো ঘৰত স্থাপন কৰাত কোনো যে লগত যোৱা নাছিল সেইটো গম পায়।

তেওঁ লগতে কয় যে প্ৰায় আঢ়ৈ ফুট দৈৰ্ঘ‍্য‍, ৫০ কেজিমান ওজনৰ মূৰ্তিটো উক্ত পুখুৰীত নামি হাতত তুলি লোৱাৰ পিছত তেওঁ ঘৰলৈ কেনেকৈ আহিল আৰু মূৰ্তিটো কেনেকৈ স্থাপন হ'ল একো গম নাপালে। তালুকদাৰৰ পৰিয়াল পিতৃ -পত্নী আৰু ভাতৃ জানিবলৈ দিয়ামতে নিশা তেওঁৰ লগত কোনোৱে পুখুৰীলৈ যোৱা নাছিল। ইফালে তালুকদাৰে এক আচৰিত ধৰণেৰে উদ্ধাৰ কৰা মূৰ্তিটোৰ খবৰ ৰাষ্ট্ৰ হোৱাত তেওঁৰ ঘৰত ৰাইজৰ লানি নিছিঙা সোঁঁত বয় আৰু আটাইবোৰে সেৱখ শ-ৰ্চনা কৰে।

Pic

ইফালে আজি দুপৰীয়া বিধায়ক অশোক শৰ্মাই ঘটনাটোৰ খবৰ পাই তেওঁৰ ঘৰত উপস্থিত হৈ মূৰ্তিটো দৰ্শন কৰি পূজা-অৰ্চনা কৰে।লগতে বিধায়কগৰাকীয়ে উক্ত মূৰ্তিটো ভালদৰে ৰক্ষণাবেক্ষন কৰি মাংগলিক নীতি-নিয়মৰে পালন কৰিবলৈ পৰিয়ালটোক আহ্বান জনায়। উল্লেখ‍্য যে এই পৰিয়ালটোত অহা ১১ ফেব্ৰুৱাৰীত এখন কালী পুজাও অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে।

Your Comments

Related Articles