শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ ধন মঞ্জুৰী পত্ৰ বিতৰণ সাংসদ তপন কুমাৰ গগৈৰ

Pic

*১২৬ টা সমষ্টিৰ প্ৰথম ৫ টা স্থানত শিৱসাগৰক জিলিকাই তোলা হ'ব-সাংসদ তপন কুমাৰ গগৈ*

#শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

যোৰহাট লোকসভা সমষ্টিৰ সংসদ তপন কুমাৰ গগৈয়ে ৩০ জানুৱাৰীত শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ ২০১৯-২০ আৰু ২০২০-২১ বিত্তীয়বৰ্ষৰ ধনমঞ্জুৰী পত্ৰসমূহ আনুষ্ঠানিকভাৱে হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰে৷

সভাৰ আৰম্ভণিতে সাংসদগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুৰ দিন 'শ্বহীদ দিৱস'ত গান্ধীজীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে৷ ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে যে অসম দৰ্শন আঁচনিৰ অধীনত জিলাখনৰ প্ৰাচীন কীর্তিচিহ্ন, দৌল-দেৱালয়, মঠ-মন্দিৰ আদিলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে জিলাখনৰ নামঘৰসমূহলৈ আঢ়ৈ লাখ টকাকৈ আৰ্থিক অনুদান ইতিমধ্যে প্ৰদান কৰা হৈছে৷তেওঁ অৱগত কৰে যে ইতিমধ্যে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক এলেকা উন্নয়ন পুঁঁজিৰ ২০১৯-২০ বিত্তবৰ্ষৰ বাবে ৩৮ টা আঁচনিৰ বিপৰীতে ৯৯.৭০ লাখ টকা আৰু ২০২০-২১ বিত্তবৰ্ষৰ বাবে ১৭ টা আঁচনিৰ বিপৰীতে ৫৬ লাখ টকাৰ অনুমোদন জনোৱা হৈছে৷সভাত ইয়াৰে ৪৬ খন আঁচনিৰ বিপৰীতে ধনমঞ্জুৰী পত্ৰ প্ৰদান কৰা হয়।সভাত সাংসদগৰাকীয়ে প্ৰয়াত বিধায়ক প্ৰণৱ কুমাৰ গগৈৰ দেহাৱসানৰ পৰিপ্ৰেক্ষিতত উন্নয়নৰ স্বাৰ্থত চৰকাৰে তেওঁক সমষ্টিৰ দায়িত্ব প্ৰদান কৰা বুলি অৱগত কৰে৷ সাংসদগৰাকীয়ে কয় যে হিতাধিকাৰীসকলে প্ৰথম কিস্তিত নিৰ্ধাৰিত পুঁজিৰ ৭৫ শতাংশ বেংক একাউন্টযোগে লাভ কৰিব আৰু বাকী ২৫ শতাংশ ব্যৱহাৰিক প্ৰমাণপত্ৰ তথা যাৱতীয় নথি দাখিল কৰাৰ অন্তত দ্বিতীয় কিস্তি লাভ কৰিব৷ যিসমূহ সমিতিয়ে সমিতিৰ তথ্যসমূূহ প্ৰদান কৰা নাই সেইসমূহ সমিতিক তথ্যসমূহ অনুমোদনৰ হেতু প্ৰদান কৰাৰ লগতে বেংক একাউন্ট নোখোলা সমিতিসমূহক অনতিপলমে বেংক একাউন্ট খোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ সাংসদগৰাকীয়ে পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পূৰ্বে নিৰ্ধাৰিত আঁচনিৰ কামসমূহ আৰম্ভ কৰিবলৈ নিৰ্মান সমিতিসমূহক আহ্বান জনায়৷

সাংসদগৰাকীয়ে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত সমূহ ৰাইজৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শিৱসাগৰ বিধানসভা সমষ্টিক ৰাজ্যৰ ১২৬ টা সমষ্টিৰ প্ৰথম ৫ টা স্থানত জিলিকাই তোলা হ'ব বুলি জনায়৷সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই সকলো নিৰ্মাণ সমিতিক যাৱতীয় কামসমূহ ক্ষীপ্ৰতাৰে আৰু গুণগত মান বজাই ৰাখি সম্পন্ন কৰিবলৈ আহ্বান জনায়৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত জুনুমণি সোণোৱালে৷সভাত নিৰ্মাণ সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বিশিষ্ট সমাজসেৱী সুৰভী ৰাজকুঁৱৰী আৰু ভৱেন মহন উপস্থিত থাকে৷

Your Comments

Related Articles