বিশেষ প্ৰতিবেদক,হাজো,২৪ জানুৱাৰী:
নিশা হাজোৰ ৰামদিয়াত সংঘটিত হয় এক চুৰি কাণ্ড। নিশা ঘৰত কোনো লোক উপস্থিত নথকাৰ সুযোগতে ৰামদিয়াৰ সস্তাৰত এটা পৰিয়ালৰ পৰা সোণৰ আ-অলংকাৰ, লেপটপ ,নগদ ধনসহ বহুতো নথি-পত্ৰ লুটি লৈ যায়।জানিব পৰা মতে সস্তাৰ নিবাসী বিমল কলিতাই ভাগিনীয়েকৰ বিবাহ উপলক্ষে কালি পুৱাৰ ভাগতে পৰিয়াল সহিতে বামুন্দীলৈ গৈছিল। দিনটো বিয়াত থাকি আজি পুৱতি নিশা ঘৰলৈ আহি ঘৰৰ দৰ্জা খোলা থকাত আচৰিত হৈ পৰে।ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত ঘৰৰ আচবাব, কানি-কাপোৰ ইত্যাদি সিচৰিত হৈ থকা প্ৰত্যক্ষ কৰি জানিব পাৰিলে ঘৰৰ পিছফালৰ দৰ্জা ভাঙি কোনো দুষ্কৃতিকাৰীয়ে চুৰি কাৰ্য সংঘটিত কৰে। সোণৰ আ-অলংকাৰ, কাহৰ কাহি বাতি,এটিএম কাৰ্ড,লেপটপ এটা, বেংকৰ একাউন্ট বহী ধন ১২ হেজাৰৰ লগতে মাটিৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ চুৰি কৰি নিয়া বুলি জানিব পৰা গৈছে।ঘটনাৰ খবৰ পাই ৰামদিয়া আৰক্ষীৰ এটি দল ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ঘটনা সন্দৰ্ভত বিমল কলিতাই এখন এজাহাৰ ৰামদিয়া আৰক্ষী চকীত দাখিল কৰা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে মাটি কিনা-বিক্ৰীক লৈ কেইজনমান দুষ্ট লোকে তেওঁক ভয়-ভাবুকি প্ৰদান কৰি আহিছিল বুলিও উল্লেখ কৰে বিমল কলিতাই।
- Log in to post comments
- 9 views