কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ সন্তান সঞ্জীৱ নাৰ্জাৰী দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ আছিল ৰাজস্থানৰ কেডাৰ হিচাপে। দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা সঞ্জীৱ নাৰ্জাৰীয়ে শুকুৰবাৰে ৰাজস্থানৰ ADGP হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে ৷ সঞ্জীৱ নাৰ্জাৰীৰ এই সফলতাত এতিয়া সুখী পৰিয়াল, মহকুমাবাসী তথা ৰাজ্যবাসী। এতিয়া অনেকেই চ’চিয়েল মিডিয়াৰ যোগেদি সঞ্জীৱ নাৰ্জাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে । গোসাঁইগাঁও সদৰ চহৰৰ সমীপৰ ভাওলাগুৰিৰ বাসিন্দা তথা শিক্ষক কানাইলাল নাৰ্জাৰী আৰু দাওলেট নাৰ্জাৰীৰ কনিষ্ঠ পুত্ৰ সঞ্জীৱ নাৰ্জাৰীয়ে স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । পাছত দিল্লীত সমাজ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীগ্ৰহণ কৰে নাৰ্জাৰীয়ে। ১৯৯৬ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ ৰাজস্থান কেডাৰত যোগদান কৰিছিল নাৰ্জাৰীয়ে। ৰাজস্থানত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱাৰ পাছত নতুনকৈ ৰাজস্থানৰ ADGP হিচাপে পদোন্নতি হয় সঞ্জীৱ নাৰ্জাৰীৰ। এই খবৰে এতিয়া উৎফুল্লিত কৰি তুলিছে কোকৰাঝাৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্যবাসীকে।
- Log in to post comments
- 22 views