জনাৰামচৌকাত ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদ্‌যাপন

জনাৰামচৌকাত ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদ্‌যাপন

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰি অহা অভিৰুচি ক্ৰীড়া দিৱস আজি ডাঁহী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত  মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত জনাৰামচৌকাত পালন কৰা হয় ।

জনাৰামচৌকাত ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদ্‌যাপন

ইয়াৰ লগত সংগতি ৰাখি পুৱা ৫.৩০ বজাৰ  পৰা আৰম্ভ কৰা হয় মাৰাথন দৌৰ । জনাৰামচৌকাৰ পৰা আৰম্ভ হৈ বেজপাৰা হৈ পুনৰ জনাৰামচৌকাত সমাপ্ত হোৱা এই মাৰাথন দৌৰত  দুই শতাধিক ছাত্র-ছাত্ৰী তথা বিভিন্ন ক্ষেত্ৰৰ লোকে  অংশগ্ৰহণ কৰে ।

এই দৌৰত অংশগ্ৰহণ কৰাসকলক ডাঁহী আঞ্চলিক ক্ৰীড়া সন্থাৰ ফালৰ পৰা প্ৰদান কৰা হয় মানপত্ৰ । লগতে  ক্ৰীড়া সংগঠক হিচাপে মানপত্ৰৰে সন্মান জনায় তিলক ডেকা আৰু চাহাবুদ্দিন শইকীয়াক ।

জনাৰামচৌকাত ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদ্‌যাপন

প্ৰাক্তন খেলুৱৈ হিচাপে মানপত্ৰ প্ৰদান কৰা হয় ক্ৰমে লোহিত ডেকা আৰু নীল বসুমতাৰীক । অনুষ্ঠানটিত  উপস্থিত থাকে সমাজসেৱী তথা ক্ৰীড়া সন্থাৰ সভাপতি প্ৰসন্ন শইকীয়া, সম্পাদক গোলোক ডেকা, দৰং জিলা ছাত্র সন্থাৰ প্ৰাক্তন  সভাপতি শৰৎ ডেকা, সমাজসেৱী হংসধৰ ডেকা, দীপক কলিতা, বিপুল ডেকা, দৈনিক অগ্ৰদূত কাকতৰ মঙলদৈৰ সংবাদদাতা হিতেশ হাজৰিকা আদিকে ধৰি বহু ক্ৰীড়প্ৰেমী ৰাইজ ।

Your Comments