বঙাইগাঁৱত ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদ্‌যাপন

বঙাইগাঁৱত ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদ্‌যাপন

সমগ্ৰ ৰাজ্যৰ লগতে আজি বঙাইগাঁৱতো অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদ্‌যাপন কৰা হয় ৷ অভিৰুচি ক্ৰীড়া দিৱস উদ্‌যাপন সমিতিৰ উদ্যোগত বঙাইগাঁও চহৰৰ গান্ধী ময়দানত উদ্‌যাপন কৰা ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে পুৱা এক প্ৰতিযোগিতামূলক সামূহিক দৌৰ অনুষ্ঠিত হয় ৷

বঙাইগাঁৱত ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদ্‌যাপন

গান্ধী ময়দানৰ পৰা আৰম্ভ হোৱা এই সামূহিক দৌৰৰ ফ্লেগ-অফ্‌ কৰে বঙাইগাঁও জিলা মাষ্টাৰ্ছ এথ্‌লেটিক এছ'চিয়েচনৰ সভাপতি তথা প্ৰবীণ খেলুৱৈ লক্ষীকান্ত ৰায়ে ৷ অনুষ্ঠানত লীনা সিংহ, মঞ্জুলা চৌধুৰী আৰু তৰুণ চৌধুৰী আদিও উপস্থিত থাকে ৷

বঙাইগাঁৱত ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদ্‌যাপন

সামূহিক দৌৰত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰবীণ খেলুৱৈ মহেশ চৌধুৰীকে প্ৰমুখ্য কৰি বিভিন্নজনে অংশ লয় ৷ আবেলি বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া কুইজ প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

চিত্ৰাংকন প্ৰতিযোগিতা চাৰিটা শাখাত অনুষ্ঠিত হয় ৷ আনহাতে, সন্ধিয়াৰ ভাগত যোগাসন, কৃতী খেলুৱৈক সম্বৰ্ধনা, দেহশ্ৰী প্ৰতিযোগিতা, স্মৃতিগ্ৰন্থ উন্মোচন আৰু পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ 
 

Your Comments