চীনৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ কঠোৰ পদক্ষেপ।চীনৰ সৈতে লাডাখ সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে চীনক অৰ্থনৈতিক আঘাত দিবলৈ ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে পাবজি সমন্বিতে ১১৮ টা চীনা মোবাইল এপ।ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে ধাৰা ৬৯এৰ আধাৰত উল্লিখিত এপকেইটাক ভাৰতত নিষিদ্ধ কৰিলে।এই ১১৮ টা এপ ভাৰতৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি ভাবুকি স্বৰূপ বুলি মন্ত্ৰণালয়ে উল্লেখ কৰিছে।এই এপসমূহে ভাৰতীয় ব্যৱহাৰকাৰীৰ তথ্য চুৰি কৰি অহা বুলিও কোৱা হৈছে।
- Log in to post comments
- 22 views