অখিল গগৈৰ মুক্তিৰ দাবীত চানমাৰিত প্ৰতিবাদ,অৰ্ধশতাধিক প্ৰতিবাদকাৰীক আটক

Pic

*কৃষক নেতা অখিল গগৈক অন্যায়ভাৱে বন্দী কৰি থোৱা হৈছে-কৃষক মুক্তি সংগ্রাম সমিতি*

কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী মঙলবাৰে গুৱাহাটীত প্ৰতিবাদ।কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ সদস্যসকলে গুৱাহাটীৰ চানমাৰিৰ প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৰূপায়ণ কৰে                প্ৰতিবাদী কাৰ্যযসূচী।অখিল গগৈক মুক্তি দিয়ক,বিজেপি গ' বেক,'কা' আমি নামানো আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Pic

কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সদস্যসকলক আৰক্ষীয়ে আটক কৰে।অৰ্ধশতাধিক প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

প্ৰশাসনৰ সকলো নিয়ম পালন কৰি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰা বুলি দাবী কৰিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ সদস্যসকলে।আৰক্ষীয়ে আটক কৰাটো অন্যায় হোৱা বুলিও তেওঁলোকে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

Pic

কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহানে কয়-"বিজেপি চৰকাৰে অন্যায়ভাৱে কৃষক নেতাগৰাকীক বন্দী কৰি ৰাখিছে।সামাজিক দূৰত্ব মানি চলি প্ৰতিবাদ কৰি থকাৰ পিছত আমাক আটক কৰা হৈছে।"

গুৰুত্বপূৰ্ণ যে বিগত ৮মাহ ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ।গগৈৰ তিনিগৰাকী সতীৰ্থই ইতিমধ্যে জামিনত মুক্তি  লাভ কৰিছে যদিও কৃষক নেতাজনে বৰ্তমানেও জামিন লাভ কৰা নাই।

Your Comments