*কংগ্ৰেছক,ৰাজ্যৰ মুখ্যমন্ত্ৰী-মন্ত্ৰীসকলক সামাজিক দূৰত্ব মানি চলিবলৈ শিকাওক আৰক্ষীয়ে-ৰিপুন বৰা*
*মোডী চৰকাৰে দেশৰ গণতন্ত্ৰৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে-তৰুণ গগৈ*
গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী।গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীত সোমবাৰে গুৱাহাটীৰ ৰ'টাৰীত অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ।প্ৰতিবাদত অংশগ্ৰহণ কৰে দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,সভাপতি ৰিপুন বৰা,ৰকিবুল হুছেইন, নন্দিতা দাস প্ৰমুখ্যে দলৰ বহুকেইগৰাকী শীৰ্ষ নেতৃত্বই।
"বিজেপি চৰকাৰে সংবিধান অৱমাননা কৰি, ৰাজ্যপালৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি ভয়-ভীতি দেখুৱাই কংগ্ৰেছৰ চৰকাৰসমূহ ভংগ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে"-ৰিপুন বৰাই কয়।উত্তৰাখণ্ড,মণিপুৰ,গোৱা,অৰুণাচল প্ৰদেশ,মধ্যপ্ৰদেশ আদিত কংগ্ৰেছৰ নিৰ্বাচিত চৰকাৰ ষড়যন্ত্ৰ কৰি,বিজেপিয়ে বিধায়ক কিনা-বেচা কৰি পতন ঘটোৱাৰ পিছত শেহতীয়াভাৱে ৰাজস্থানত একে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিও তেওঁ লগতে কয়।
বিধায়ক কিনা-বেচাৰে ৰাজস্থানত কংগ্ৰেছ চৰকাৰৰ শাসন ভংগ কৰাৰ বিৰোধিতাৰে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সভাপতি বৰাই কয়-"ৰাজস্থানৰ ৰাজ্যপালে তেওঁৰ সাংবিধানিক পদ-মৰ্যাদাৰ অপব্যৱহাৰ কৰিছে।মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক বিধানসভা অধিৱেশন অনুষ্ঠিত কৰাৰ আহ্বান জনোৱাৰ পিছতো অধিৱেশন আহ্বান কৰা নাই।সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিম বুলি কোৱাৰ পিছতো অধিৱেশন আহ্বান নজনোৱাত বিধায়ক কিনা-বেচা কৰিবলৈ ৰাজ্যপালে সুবিধা প্ৰদান কৰিছে।"
আৰক্ষীয়ে কংগ্ৰেছৰ প্ৰতিবাদত সামাজিক দূৰত্বৰ কথা কবলৈ আহে।মুখ্যমন্ত্ৰী-বিজেপি মন্ত্ৰীসকলৰ কাৰ্যসূচীত তেওঁলোকে কিয় ক'বলৈ নোৱাৰে বুলি প্ৰশ্ন কৰি সভাপতি বৰাই কয়-"কংগ্ৰেছক সামাজিক দূৰত্বৰ কথা শিকোৱাৰ আগতে মুখ্যমন্ত্ৰী-মন্ত্ৰী,বিজেপি নেতা-পালিনেতাক সামাজিক দূৰত্বৰ কথা শিকাওক।আইন সকলোৰে বাবে সমান হ'ব লাগিব।"
"দেশত জৰুৰী অৱস্থা হৈছে নেকি?কিয় আমি প্ৰতিবাদ-আন্দোলন কৰিবলৈ গোট খাব নোৱাৰিম।হিটলাৰৰ শাসনো এনেকুৱা নাছিল। '২১ৰ নিৰ্বাচনত অসমৰ ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব"-বৰাই কয়।
আনহাতে,প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়-"বিজেপিক সন্তুষ্ট কৰাৰ বাবে ৰাজস্থানৰ ৰাজ্যপালে কাম কৰিছে।দুৰ্ভাগ্যজনকভাৱে ন্যায়ালয়সমূহো বৰ্তমান পক্ষপাতমূলক ভূমিকাত অৱতীৰ্ণ হৈছে।যাৰ বাবে দেশৰ জনতাৰ ন্যায়ালয়ৰ ওপৰত থকা আস্থা কমি গৈছে।"
"মোডী চৰকাৰে দেশৰ গণতন্ত্ৰক ধ্বংস কৰিবলৈ উঠি-পৰি লাগিছে।সকলো দিশত তেওঁ আজি বিফল হৈছে"-গগৈয়ে লগতে কয়।
উল্লেখ যে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ কৰ্মীসকলে বিজেপি চৰকাৰ হায়-হায়,গণতন্ত্ৰ ৰক্ষা কৰক,সংবিধান ৰক্ষা কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
- Log in to post comments
- 12 views