*ৰাইজে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন-প্ৰতিবাদ গঢ়ি তোলক-গগৈ*
কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ প্ৰভাৱ নিৰূপন অধিসূচনা,চমুকৈ 'ইএআই-২০২০'ক লৈ সৰৱ সদৌ অসম ছাত্ৰ সন্থা।চৰকাৰৰ নতুন অধিসূচনাখনৰ তীব্ৰ বিৰোধিতা 'আছু'ৰ।সমগ্ৰ ভাৰতবৰ্ষত বন সম্পৰ্কীয় বিভিন্ন বিধি পৰিৱৰ্তন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে অধিসূচনা প্ৰস্তুত কৰিছে।কূট-কৌশলেৰে চৰকাৰে অধিসূচনা প্ৰস্তুত কৰা বুলি উল্লেখ কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয়-"সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ইয়াৰ প্ৰভাৱ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অধিক ভয়াৱহ ৰূপত পৰিব।"
"অধিসূচনাখন অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সৰ্বাধিক ভয়াৱহ।সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ"-গগৈয়ে লগতে কয়।
"অধিসূচনাখনৰ জড়িয়তে বহুকেইটা শিতান সামৰি লোৱা হৈছে।জলবিদ্যুৎ প্ৰকল্প,ৰাষ্ট্ৰীয় ঘাই-পথ সম্প্ৰসাৰণ,নিউক্লিয়াৰ প্ৰকল্প,তাপ- বিদ্যুৎ প্ৰকল্প তথা আন্তৰাষ্ট্ৰীয় সীমাৰ পৰা ১০০কিঃমিঃৰ ভিতৰত জনতাৰ কোনো ধৰণৰ বাধা তথা প্ৰতিবাদ নেওচি তেওঁলোকে কাম- কাজ কৰিব পাৰিব।প্ৰকৃতি,পৰিৱেশ সম্পৰ্কীয় শক্তিশালী আইনৰ গণ্ডীৰ ভিতৰত নপৰাকৈ স্বতন্ত্ৰভাৱে চৰকাৰে সকলো কাম-কাজ কৰিব পাৰিব।গতিকে এই অধিসূচনা অধিক ভয়াৱহ"-গগৈয়ে উল্লেখ কৰে।
কেন্দ্ৰীয় চৰকাৰক অধিসূচনা বাতিল কৰাৰ আহ্বান জনাই
আছুৰ সম্পাদকগৰাকীয়ে কয়-"অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অধিসূচনাৰ বিৰুদ্ধে গঢ়ি তুলিব লাগিব জাগৰণ।লগতে,ৰাইজক ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰো আহ্বান জনাইছোঁ।"
অহা ১১ আগষ্টত শুনানিৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।গতিকে,তাৰ পূৰ্বে ৰাইজে কেন্দ্ৰীয় বন,পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়লৈ মেইল-পত্ৰ প্ৰেৰণ কৰাৰো ৰাইজক আহ্বান জনায় গগৈয়ে।
জিলা তথা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক ৰাইজৰ মাজলৈ বিষয়টো লৈ যোৱাৰ আহ্বান জনাই ছাত্ৰ নেতাজনে।
"জনতাই প্ৰতিবাদ কৰিব নোৱাৰিব,ৰাষ্ট্ৰীয় স্বাৰ্থ তথা সুৰক্ষাজনিত বিষয়ত কোনো ধৰণৰ ৰাজহুৱা শুনানি গ্ৰহণ কৰা নহয়,শুনানিৰ দিন ২০দিনলৈ হ্ৰাস হ'ব।বনাঞ্চলসমূহত তেল-কয়লা খননত কোনো বাধাগ্ৰস্ত নহ'ব।চৰকাৰে স্বতন্ত্ৰভাৱে সকলো আইন আঁতৰাই যিকোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব অধিসূচনা কাৰ্যকৰী হ'লে।উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰতা,পৰিৱেশ-পাৰিপাৰ্শ্বিকতা ধ্বংস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মূলত: এই আইন আনিছে"-তেওঁ লগতে কয়।
- Log in to post comments
- 35 views