এগৰাকী আৰক্ষী বিষয়া!৩ বছৰীয়া শিশুৰ মৃতদেহ বুকুত বান্ধি নিলে মৰণোত্তৰ পৰীক্ষালৈ...

Pic

'লকডাউন'ৰ সময়ত বহু আৰক্ষী বিষয়াই আইন অমান্য কৰা লোকক শাস্তি দিবলৈ গৈ সমালোচনাৰ সন্মুখীন হৈছে।জনসাধাৰণৰ কঠোৰ বাক্যবাণৰো সন্মুখীন হৈছে একাংশ আৰক্ষী বিষয়া।পিছে অসম আৰক্ষীৰ এনে কিছু বিষয়াও আছে,যিসকলে নিজৰ একো-একোটা কামৰ দ্বাৰা সমগ্ৰ আৰক্ষী বিভাগৰ বাবেই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

অসম আৰক্ষীৰ এগৰাকী বিষয়াই নিজৰ কামৰ দ্বাৰা শনিবাৰে আৰক্ষীৰ মানৱীয় দৃষ্টিভংগীৰ অভূতপূৰ্ব দৃষ্টান্তৰ সৃষ্টি কৰিলে। এটি কণমানি শিশু ঘৰৰ পিছফালে খেলি থকাৰ সময়তে পুখুৰীত পৰি মৃত্যু হয়।মৰিগাঁও থানা এলেকাত সংঘটিত এই ঘটনাৰ পিছতে চৌদিশে হুৱাদুৱা লাগে।

শিশুটিক উদ্ধাৰ কৰা হৈছিল যদিও তেতিয়ালৈ ৩ বছৰীয়া শিশুটোৰ মৃত্যু হৈছিল।পৰিয়ালৰ লোকে শিশুটোৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ অমান্তি প্ৰকাশ কৰে।তেনেতে ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নেত্ৰ কমল শইকীয়া।আৰক্ষী বিষয়াগৰাকীয়ে শিশুটিৰ পৰিয়ালৰ লোকক সকলো কথা বুজাই মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ দিহা কৰে।আৰক্ষী বিষয়াগৰাকীয়ে মৃতদেহ কঢ়িওৱা বাহনৰ ব্যৱহাৰ কৰাৰ সলনি নিজৰ কোলাতে প্ৰথমে শিশুটিক গাড়ীৰ ওচৰলৈ নিয়ে আৰু তাৰ পৰা নিজা বাহনতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়ে।

বিষয়াগৰাকীৰ এই কাৰ্যৰ দৃশ্য চৌদিশে বিয়পি পৰিছে।সকলো লোকে বিষয়াগৰাকীক ধন্যবাদ জনোৱাৰ লগতে এই সময়ত পৰিয়ালটোক মানসিকভাৱে সাহস দিয়া কাৰ্যৰ প্ৰশংসা কৰে।

Your Comments