ঈদৰ সমূহীয়া নামাজক লৈ মুখ্য সচিবৰ নিৰ্দেশনা,জানি লওঁক...

Namaz

ক'ৰ'না ভাইৰাছৰ ভয়াৱহ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে পূৰ্বৰ দৰে নহ'ব চলিত বৰ্ষৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ ঈদৰ নামাজ।চলিত বৰ্ষৰ ঈদৰ সমূহীয়া নামাজক লৈ ৰাজ্য প্ৰশাসনে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই শনিবাৰে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।উপায়ুক্ত আৰু ঈদগাহ সমিতিসমূহৰ সৈতে আলোচনাৰ অন্তত মুখ্য সচিবগৰাকীয়ে জাৰি কৰিছে এই নিৰ্দেশনাসমূহ।

সেই অনুসৰি তিনিজনতকৈ অধিক লোক নামাজত সমবেত হ'বলৈ নোৱাৰিব।

অহা ৩০ আৰু ৩১ জুলাইত আন্তঃজিলা যাতায়তৰ অনুমতি।

সকলো ধৰণৰ ৰাজনৈতিক আৰু ধৰ্মীয় অনুষ্ঠানসমূহ বন্ধ থাকিব পৰৱৰ্তী জাননী জাৰি নকৰালৈকে।

উল্লেখ যে ৩১ জুলাইত ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ঈদ।

Your Comments