স্বাস্থ্য বিভাগৰ তীক্ষ্ণ নজৰত যোৰহাট,গোলাঘাট,বৰপেটা,শিলচৰ চহৰ:হ'ব পাৰে লকডাউন!

Dr.Himanta Biswa Sarma

*কলেজ-বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ সন্দৰ্ভত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কি কলে পঢ়ক*

"অসমত ক'ৰ'না পৰিৱেশ যথেষ্ট চিন্তনীয়।চিকিৎসালয়সমূহত জীৱন-মৰণৰ বাবে সংগ্রাম কৰিছে ক'ৰ'না আক্রান্তই"-এই মন্তব্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ‌।

গুৱাহাটীৰ লগতে ৰাজ্যৰ চাৰিখনকৈ চহৰ বৰ্তমান স্বাস্থ্য বিভাগৰ নজৰত থকা বুলি উল্লেখ কৰে শৰ্মাই।

"যোৰহাট,গোলাঘাট,বৰপেটা,শিলচৰ চহৰৰ পৰিৱেশ ভাল নহয়।লকডাউন দিব লগা পৰিৱেশ বৰ্তমান যদিও হোৱা নাই কিন্তু পৰৱৰ্তী সময়ত দিব লগা হ'ব পাৰে লকডাউন"-শৰ্মাই কয়।

আনহাতে,স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়-"অনলাইন পদ্ধতিত অসমত পৰীক্ষাৰ অনুষ্ঠিত কৰা সম্ভৱ নহয়।সকলো ছাত্ৰ-ছাত্ৰীৰ অনলাইন পদ্ধতিত পৰীক্ষা দিয়াৰ সুবিধা নাই।যদি দুয়োটা পদ্ধতিত পতাৰ অনুমতি থাকে,তেন্তে চিন্তা কৰিব পাৰি।স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা এইদৰে পতাতো সম্ভৱ নহব।"

Your Comments