গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত নতুনকৈ ৩৩জন কয়দী ক'ভিড আক্রান্ত

Guwahati Central Jail

*কাৰাগাৰখনত মুঠ আক্রান্ত কয়দীৰ সংখ্যা ৫৮জনলৈ বৃদ্ধি*

ক'ৰ'নাৰ ভয়াৱহ গণ সংক্ৰমণ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত।শনিবাৰৰ দিনটোত পুনৰ ৩৩জন কয়দী আক্রান্ত হয় ক'ৰ'নাত।এই কথা এখন সংবাদ মেলত প্ৰকাশ কৰিলে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।আক্রান্ত কয়দীকেইজনক ভৰ্তি কৰোৱা হ'ব কালাপাহাৰ ক'ভিড চিকিৎসালয়ত।

উল্লেখ যে শুকুৰবাৰৰ দিনটোত ৰঞ্জন দৈমাৰীসহ ১৯জনকৈ কয়দী আক্রান্ত হৈছিল ক'ৰ'নাত।বৰ্তমান সময়লৈকে কাৰাগাৰখনত মুঠ আক্রান্ত হৈছে ৫৮জন।

Your Comments