গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ৰঞ্জন দৈমাৰীসহ ১৯জন কয়দী শুকুৰবাৰে ক'ভিড আক্ৰান্ত

Ranjan Daimari

*কাৰাগাৰখনৰ মুঠ আক্ৰান্ত কয়দীৰ           সংখ্যা ২৫ গৰাকী*

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ক'ৰ'নাৰ ভয়াৱহ গণ সংক্ৰমণ।শুকুৰবাৰৰ দিনটোত কাৰাৰুদ্ধ ১৯গৰাকী কয়দী আক্রান্ত ক'ৰ'না ভাইৰাছত।আক্রান্তৰ ভিতৰত এনডিএফবি নেতা ৰঞ্জন দৈমাৰীও আছে।

উল্লেখ যে আক্রান্ত কয়দীসকলক ইতিমধ্যে কাৰাগাৰৰ পৰা লৈ অহা হৈছিল চিকিৎসালয়লৈ।

কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আক্রান্ত কয়দীসকলক মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

ইফালে বিশেষ সূত্ৰৰ খবৰ অনুসৰি ৰঞ্জন দৈমাৰীক জাগীৰোড ক'ভিড চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।কিন্তু তাত ক'ভিড বেদ খালি নথকাত পুনৰ লৈ অহা হৈছে গুৱাহাটীলৈ।

গুৰুত্বপূৰ্ণ যে নিৰাপত্তাৰ স্বাৰ্থত কয়দীসকলক ক'ভিড কেয়াৰ চেণ্টাৰৰ বিপৰীতে ৰখা হ'ব চিকিৎসালয়ত।

উল্লেখ যে ইয়াৰ পূৰ্বে কৃষক মুক্তিৰ কাৰাৰুদ্ধ দুই নেতাসহ মুঠ ৬জন আক্রান্ত হৈছিল কেন্দ্ৰীয় কাৰাগাৰখনত।১০৯০ জন কয়দী থকা কাৰাগাৰখনত মুঠ আক্রান্তৰ সংখ্যা হৈছেগৈ ২৫জন।

Your Comments