কামৰূপ(ম) জিলাত ১৩৩টা স্থানত উপলব্ধ হৈছে পাচলি:মূল্য জানি লওঁক

Vegetable

কামৰূপ(ম)জিলাত ক'ৰ'নাৰ ভয়ংকৰ গণ  সংক্ৰমণ ৰোধৰ বাবে ঘোষণা হোৱা 'লকডাউন'ৰ বাবে জিলাখনত গ্ৰ'ছাৰী দোকানৰ বাহিৰে বন্ধ হৈ আছে সকলো দোকান-বজাৰ।লকডাউনৰ এই সময়ত মহানগৰীৰ জনতাৰ সুবিধাৰ্থে ১৩৩ টা স্থানত পাচলি যোগান ধৰিব জিলা প্ৰশাসনে।বুধবাৰৰপৰা জিলাখনৰ ১৩৩ টা স্থানত বিক্ৰী হৈছে ২৬ বিধ শাক-পাচলি।

জনতাৰ সুবিধাৰ বাবে পাচলি বিক্ৰীৰ মূল্য  প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে।প্ৰশাসনে বান্ধি দিয়া মূল্যতে বিক্ৰী কৰা হ'ব শাক-পাচলি।

List

প্ৰশাসনৰ ফালৰ পৰা বান্ধি দিয়া প্ৰতি কেজি অনুসৰি মূল্য তালিকাখন হৈছে-জিকা ৪৫ টকা,জালি কোমোৰা ৪০ টকা,পটল ৪০ টকা, লেচেৰা ৪৫ টকা,তিতা কেৰেলা ৪৫ টকা, ৰঙালাও ২৫ টকা,ভেণ্ডি ৪০ টকা,বন্ধাকবি ৩৫ টকা,মূলা ৪০ টকা,কেঁচা জলকীয়া ৬৫ টকা, গাজৰ ৯৫ টকা,ফ্ৰেন্সবীন ৯৫ টকা,ভোল ৩৫টকা,তিয়ঁহ ৩৫ টকা,পানী লাও ৪০ টকা, মটৰ ৯০ টকা নেমু ৫ টকা,বেঙেনা ৪৫ টকা, ভাত কেৰেলা ৫০ টকা,ধনীয়া ৫ টকা(প্ৰতি মুঠি),কেপচিকাম ৯০ টকা,ওলকবি ৪৫ টকা, আলু ৩০ টকা,বিলাহী ৫৫ টকা,কচু ৪০ টকা, ধুন্দুলী ৩০ টকা।

Your Comments