ভূমি-নীতিৰ প্ৰত্যাহাৰৰ দাবী:শুকুৰবাৰে যুৱ-ছাত্ৰ পৰিষদৰ সমূহ জিলা সমিতিৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ

Palas Changmai

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেটে অনুমোদন জনোৱা নতুন ভূমি-নীতিৰ বিৰুদ্ধে ৰাজ্যৰ চৌদিশে প্ৰতিবাদ।চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়-"জাতি,মাটি আৰু ভেটিৰ কথা আওঁঁৰাই থকা ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে নতুনকৈ গ্ৰহণ কৰা ভূমি-নীতিৰ জড়িয়তে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰিছে।সোণোৱাল কেবিনেটে অনুমোদন জনোৱা এই নতুন ভূমি-নীতিয়ে অসমৰ খিলঞ্জীয়া লোকক ক্ৰমাগতভাৱে ভূমিহীন কৰিব।

নতুন ভূমি-নীতিৰ ফলত বহিঃৰাজ্যৰ বণিক গোষ্ঠীয়ে অসমত অবাধে আহি খিলঞ্জীয়া লোকৰ সকলো শ্ৰেণীৰ মাটিৰ লগতে কৃষিভূমি ক্ৰয় কৰিব।ফলত অসমৰ কৃষিভূমি হ্ৰাস হ'ব।যাৰ বাবে চৰকাৰৰ নতুন ভূমি-নীতিক তীব্ৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে সংগঠনটোৱে।

বিগত চাৰিটা দশক ধৰি অসমত খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ বাবে ভূমি-নীতিৰ আমূল সংস্কাৰ হোৱাটো যুৱ-ছাত্ৰ পৰিষদে দাবী জনাই আহিছে বুলি উল্লেখ কৰি আৰু কয়- "অসমৰ ভূমি সম্পত্তিৰ ওপৰত কেৱল খিলঞ্জীয়া লোকৰ অধিকাৰ থাকিব লাগিব।কথাই কথাই জাতি-মাটি-ভেটিৰ বচন আওঁঁৰাই থকা সোণোৱাল চৰকাৰখনে এটাৰ পিছত আনটো সিদ্ধান্তৰে থলুৱা খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতি ভয়াৱহ সংকট নমাই আনিছে।"

"সোণোৱালে কেৱল দিল্লীক সন্তুষ্ট ৰখাৰ স্বাৰ্থত অসমৰ সকলো মাটি,ভেটি,সম্পদ বহিৰাগতক গতাই দিবলৈ বিছাৰিছে"-সংগঠনটোৱে লগতে কয়।

কেবিনেটে অনুমোদন জনোৱা নতুন ভূমি-নীতি শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী জনাই  ৩ জুলাই(শুকুৰবাৰে)ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সকলোবোৰ জিলা সমিতিয়ে উপায়ুক্তৰ যোগেদি ভূমি নীতি প্ৰত্যাহাৰৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণৰ এটা কাৰ্য্যসূচী গ্ৰহণ কৰিব।

Your Comments