ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰিস্থিতিৰ বাবে ২০১৯ বর্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাছিল আনন্দৰাম বৰুৱা বঁটা।অহা সপ্তাহত শিক্ষা বিভাগে সেইসকল ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব আনন্দৰাম বৰুৱা বঁটাৰ 'লেপটপ'।জনতা ভৱনত এখন সংবাদ মেলত এই কথা ঘোষণা কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।'নিজ-নিজ বিদ্যালয়লৈ লেপটপসমূহ প্ৰেৰণ কৰা হ'ব।বিদ্যালয়সমূহে কোনো বিশেষ অনুষ্ঠানৰ দিহা নকৰি সামাজিক দূৰত্ব ৰক্ষা কৰি বিতৰণ কৰিব লেপটপসমূহ'-শৰ্মাই।লগতে কয়।
আনহাতে,২০২০ বর্ষত যিসকল মেট্ৰিক উত্তীৰ্ণ হৈছে সেই সকলক অহা বর্ষত প্ৰদান কৰা নহয় আনন্দৰাম বৰুৱা বঁটাৰ 'লেপটপ'।তাৰ বিপৰীতে লেপটপৰ সমমূল্য ২০ হাজাৰ টকাকৈ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ একাউণ্টত ভৰাই দিয়া হ'ব বুলি জানিবলৈ।দিয়ে মন্ত্ৰী শৰ্মাই।লগতে তেওঁ কয় যে 'ছেবা'ই ছাত্ৰ-ছাত্ৰীৰ একাউন্ট নম্বৰ সংগ্ৰহ কৰাৰ বাবে মুকলি কৰিব প'ৰ্টেল।
ক'ৰ'নাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্ত্ৰী শৰ্মাই কয়।
- Log in to post comments
- 57 views