"আলোকময় যাত্ৰা অব্যাহত থাকক,জীৱনত আৰু বহুদূৰ যাবলৈ আছে তোমাৰ"-ধৃৃতিৰাজক ক'লে শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই

Dhritiraj Bastav Kalita

শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰত শীর্ষস্থান প্ৰাপ্ত দৰং জিলাৰ ধৃতিৰাজ বাস্তৱ কলিতাক অভিনন্দন জনালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

মুঠ ৬০০নম্বৰৰ ভিতৰত ৫৯৫ নম্বৰৰে ৰাজ্যত শীর্ষ স্থানত উজলি উঠা মেধাৱী ছাত্ৰগৰাকীক শুভেচ্ছা জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- "আলোকময় এই যাত্ৰা অব্যাহত থাকক।জীৱনত আৰু বহুদূৰ বাট যাবলৈ আছে তোমাৰ।সদায়েই নিষ্ঠা আৰু পৰিশ্ৰমৰ ওপৰত ভৰসা কৰিবা।"

উল্লেখ যে দৰং জিলাৰ পদুম পুখুৰী হাইস্কুলৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰজনে অধ্যয়ন কৰিছিল বঢ়মপুৰ জাতীয় বিদ্যালয়,দৰঙত।

দৰং জিলাৰ বানেকুছি গাঁঁৱৰ নৱকুমাৰ কলিতা আৰু টুলুমনি কলিতাৰ সন্তান ধৃতিৰাজ।

ধৃতিৰাজে অসমীয়াত লাভ কৰিছে ৯৮,ইংৰাজীত ৯৯,সাধাৰণ গণিতত ১০০,সমাজ বিজ্ঞানত ৯৮,ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰিছে।

উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নামভৰ্তি কৰি চিকিৎসা বিজ্ঞান বিষয়ত পঢ়াৰ মন ছাত্ৰগৰাকীৰ।

Your Comments