গুৱাহাটী বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন কৰাৰ লক্ষ্য পূৰণ হ'বনে?

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৷ নামটো আন্তঃৰাষ্ট্ৰীয় যদিও আন্তঃৰাষ্ট্ৰীয় বিমান ইয়াৰ পৰা এদিনেই উৰিছিল ৷ গুৱহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক সঁচা অৰ্থত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিমানবন্দৰলৈ উন্নীত কৰা হ’ব বুলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছে ৷ তাৰেই এক আয়োজন ৷ বাংলাদেশ, নেপাল, ভূটান আৰু ছিংগাপুৰকে ধৰি নখন দেশৰ সৈতে সংযোগ হ’ব গুৱাহাটী বিমানবন্দৰ ৷

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ পেছেঞ্জাৰ টাৰ্মিনেলটোত বৰ্তমান ২০০০ লোকৰ বাবে সুবিধা আছে ৷ মুখ্য মন্ত্ৰী সোণোৱালে ঘোষণা কৰিছে, এই ব্যৱস্থা ৬,০০০ লোকৰ বাবে অত্যাধুনিক কৰা হ’ব ৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী পি অশোক গজপতি ৰাজুৱে ১,২৩২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগা নতুন টাৰ্মিনেল বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰি গ’ল ৷ মুখ্য মন্ত্ৰী সোণোৱালৰ আশা– দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে অৰ্থনৈতিক আৰু সামাজিক সম্পৰ্ক অধিক উন্নত কৰাত সহজ হ’ব ৷

৩ আৰু ৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হোৱা বিশ্ব বিনিয়োগ সন্মিলনৰ লক্ষ্যৰে ১৫ কোটি টকা ব্যয়সাপেক্ষে কিছু কাম আৰম্ভ কৰা হৈছিল ৷ ৬ মাহো অতিক্ৰম কৰিব নাপালে ৷ নিৰ্মাণৰ নমুনা এজাক বৰষুণতে স্পষ্ট হৈ পৰিল ৷ বিমানবন্দৰৰ নতুনকৈ নিৰ্মাণ কৰা ছাদৰ পৰা বৰষুণ পৰিল ৷ যেন এখন মুকলি আকাশৰ তলত বিমান যাত্ৰীসকল থাকে ৷ ১২.৩২ কোটিৰে ৯০ হাজাৰ বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ হ’ব সংহত টাৰ্মিনেল বিল্ডিং ৷ বিশ্বমানৰ কৰাৰ লক্ষ্য ৷

একেটা সময়তে ৩,১০০ বিমানযাত্ৰীৰ যাত্ৰা সুচল ব্যৱস্থা কৰাৰ লক্ষ্য ৷ এনে অৱস্থাত প্ৰশ্ন উদয় হয়, লক্ষ্য পূৰণ হ’বনে ? এজাক বৰষুণতে এই অৱস্থা কিয় হয় ? কাৰ দোষৰ বাবে হয় ? বিচাৰ কেতিয়াবা হ’বনে ? সংশিষ্ট কৰ্তৃপক্ষৰ ওপৰত শাস্তিৰ ব্যৱস্থা হ’বনে ? ঠিকাদাৰক ব্লেকলিষ্টেড কৰিবনে ? নে অসমতহে হৈছে, একো ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন নাই বুলি সকলো সহজ হৈ পৰিব নেকি? আমিও সময়লৈ অপেক্ষা কৰিম ৷