কিছু নীতি-নিৰ্দেশনাৰ মাজেৰে ৰাজ্যত পুনৰ গাহৰি মাংসৰ ক্ৰয়-বিক্ৰীত অনুমতি প্ৰদান পশুপালন বিভাগৰ

Pic

'আফ্ৰিকান ছোৱাইন ফিভাৰ'ৰ বাবে বন্ধ হৈ থকা গাহৰি মাংসৰ ক্ৰয়-বিক্ৰীৰ বাবে অনুমতি প্ৰদান ৰাজ্যৰ পশুপালন বিভাগৰ।পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াবৰ্গ তথা পশু বিশেষজ্ঞসকলৰ পৰামৰ্শ গ্ৰহণ কৰি গাহৰি আৰু গাহৰিৰ সৈতে জড়িত অন্য সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত কিছু বিশেষ শিথিলতা প্ৰদান কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী অতুল বৰাই।এই কথা ঘোষণা কৰি বৰাই কয়-'আমাৰ এই সিদ্ধান্তই গাহৰি পালক আৰু গাহৰি ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক যথেষ্ট সকাহ দিব।ইফালে গাহৰি ক্ৰয়-বিক্রীৰ অনুমতি দিলেও বান্ধি দিয়া হৈছে কিছু নীতি-নিয়ম।'আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ঘটা জিলাসমূহত নিয়ন্ত্ৰণ ক্ষেত্ৰ আৰু নিৰীক্ষণ ক্ষেত্ৰসমূহৰ বাহিৰে অন্য প্ৰান্তত গাহৰিৰ ক্ৰয়-বিক্ৰয় কৰিব পাৰিব'-মন্ত্ৰী বৰাই কয়।ঠিক একেদৰে আফ্ৰিকান ছোৱাইন ফিভাৰৰ গ্ৰাসত নপৰা জিলাসমূহতো একে নিৰ্দেশনা প্ৰযোজ্য হ'ব।আনহাতে,ৰাজ্যসমূহৰ মাজত আৰু জিলাসমূহৰ মাজত গাহৰি সৰবৰাহ,গাহৰি মাংস আৰু ইয়াৰ সৈতে জড়িত সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় বন্ধ থাকিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী বৰাই।উল্লেখ যে ক'ৰ'না আতংকৰ মাজতে উজনি অসমত লাখ-লাখ গাহৰিৰ মৃত্যু হৈছে আফ্ৰিকান ছোৱাইন ফিভাৰত।

Your Comments