"ৰাজ্যত ৫০০০ ক'ৰ'না আক্রান্তৰ চিকিৎসাৰ বাবে সাজু স্বাস্থ্য বিভাগ"-মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Pic

দ্ৰুতভাৱে ক'ৰ'না আক্রান্তৰ সংখ্যা ৰাজ্যত বৃদ্ধি পোৱাৰ সময়তে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা-"ৰাজ্যত ৫০০০ ক'ৰ'না আক্রান্তক একেলগে চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগ সাজু।এখন চিকিৎসালয় পূৰ্ণ হ'লে আন চিকিৎসালয় মুকলি কৰি দিয়া হ'ব ক'ৰনা ৰোগীৰ বাবে।"

"ৰাজ্যলৈ ৰে'ল আৰু গাড়ীৰে বৰ্তমান সময়লৈকে ৬০ হাজাৰ যাত্ৰী ওভতি আহিছে।অসমত আক্রান্ত সৰ্বাধিক মুম্বাইৰ পৰা আহিছে ১০৮জন।একেদৰে দিল্লীৰ পৰা ৩৫জন,পশ্চিম বংগৰ পৰা ৩৩জন আৰু চেন্নাইৰ পৰা অহা ৩১জন লোকৰ দেহত পোৱা গৈছে ক'ৰ'নাৰ উপস্থিতি।"-ডঃ শৰ্মাই কয়।

"ৰাজ্যত বৰ্তমান ২৫ হাজাৰ গাঁৱত চেম্পুল সংগ্ৰহ কৰা হৈছে।২৩ হাজাৰ লোকৰ দেহত জ্বৰ-কাহ পোৱা গৈছে।কিন্তু ক'ৰ'না আক্রান্ত পোৱা নাই"-ড: শৰ্মাই কয়।

Your Comments