চতুৰ্থ বৰ্ষপূৰ্তি বিজেপি মিত্ৰজোঁঁটৰ:"৪ বছৰ অসমৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে কাম কৰিছোঁ"-মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Pic

কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসনৰ অৱসান ঘটাই ৰাজ্যৰ শাসনৰ নেতৃত্ব লোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁঁট চৰকাৰে চতুৰ্থ বৰ্ষপূৰ্তি আজি  হয়।২০১৬ চনৰ ২৪ মার্চত ৰাজ্য শাসনৰ দায়িত্ব গ্ৰহণ কৰা সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ চতুৰ্থ বৰ্ষপূতিৰ শুভক্ষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয় যে অসমৰ ৰাইজৰ নিৰবিছিন্ন সহায়-সহযোগিতা,আশীৰ্বাদ,বিশ্বাসৰ বাবে চাৰিটা বছৰ সম্পূৰ্ণ কৰিছে চৰকাৰখনে।অনাগত এটা বছৰো সফলতাৰে সম্পূৰ্ণ কৰাবা বে অসম ৰাইজে আশীৰ্বাদ কৰিব।

ৰাজ্যখনৰ প্ৰতিজন ব্যক্তি যাতে সুস্থ-সবল আৰু নিৰোগী হৈ থাকে,তাৰ বাবে চৰকাৰখনে কাম কৰি যাব বুলি তেওঁ লগতে কয়।

প্ৰতিকূল সময়ত সংবাদ মাধ্যমে চৰকাৰখনক আগবঢ়োৱা সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সংবাদ মাধ্যমক ধন্যবাদ জনায়।

"চাৰিটা বছৰ অসমৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্য আগত লৈ যথাসম্ভৱ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ"-সোণোৱালে লগতে কয়।

Your Comments