লকডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ আৰম্ভ হল 'জ্ঞানবৃক্ষ' নামেৰে এটা শৈক্ষিক চেনেল।কেবল টিভিত উপলব্ধ হ'ব লগা চেনেলটো উদ্ধোধন কৰে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
বিশেষ চেনেলটোত বুনিয়াদীৰ পৰা দ্বাদশ শ্রেণীলৈ অভিজ্ঞ ব্যক্তিসকলে প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীক পাঠদান দিব।সম্পূৰ্ণ বিনামূূলীয়াকৈ কেবলত উপলব্ধ হ'ব চেনেলটো।
লকডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা যাতে বাধাপ্ৰাপ্ত নহয়,তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী ড: শৰ্মাই কয়-"লকডাউন মানে আনন্দ-স্ফূৰ্তি কৰা সময় নহয়।উদ্ভাৱনী শক্তি জাগ্ৰত কৰা এয়া সময়।"
- Log in to post comments
- 24 views