"৬৫ বছৰৰ উৰ্ধৰ আৰু ১০ বছৰৰ তলৰ শিশু ঘৰৰ পৰা বাহিৰলৈ ওলাই  নাহিব"-ড:হিমন্ত বিশ্ব শৰ্মা

Pic

ৰাজ্যত ক'ৰ'না আক্রান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা।ক'ৰ'না আক্রান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিবলৈ আৰু পাঁচটা সংখ্যা বাকী।অৰ্থাৎ বৰ্তমান আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে ৯৫ লৈ।শেহতীয়াভাৱে শনিবাৰে ৰাতি শোণিতপুৰ,শিৱসাগৰ আৰু কামৰূপ মহানগৰ জিলাত নতুনকৈ ৪জন লোক আক্রান্ত হোৱাৰ পিছতে ৰাইজলৈ পুনৰ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই-"বৰ্তমান পৰিস্থিতিত ৰাজ্যৰ ৬৫ বছৰ উৰ্ধৰ আৰু ১০ বছৰৰ তলৰ শিশু প্ৰয়োজন নহ'লে ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিব।"


উল্লেখ যে ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ থকা আক্রান্ত ৰোগীৰ সংংখ্যা ৫০ জনলৈ বৃদ্ধি পাইছে।সুস্থ হৈছে ৪১জন,মৃত্যু হৈছে ২জনৰ আৰু ২জন ব্যক্তি ইতিমধ্যে অসমৰ ৰাজ্য বাহিৰত আছে।

Your Comments