দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী প্ৰথমখন যাত্ৰীবাহী ৰেলগাড়ী বুধবাৰে ডেৰ ঘণ্টা পলমকৈ ৰাতি ৯.৩০ বজাত আহি গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হয়।গুৱাহাটী ষ্টেচনত বিশেষ যাত্ৰীবাহী ৰে'লখনৰ পৰা ১৩০ গৰাকী যাত্ৰী নামে।যাত্ৰীসকল গুৱাহাটী আহি পোৱাৰ সময়ত ষ্টেচনত উপস্থিত আছিল স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা,চিকিৎসকৰ বিশেষ দল আৰু আৰক্ষী প্ৰশাসনৰ উচ্চপদৰ বিষয়াসকল।স্বাস্থ্যমন্ত্ৰী শৰ্মাই নিজে উপস্থিত থাকি যাত্ৰীসকলৰ স্কেনিং পৰ্যবেক্ষণ কৰে।
ইফালে,১৩০গৰাকী যাত্ৰীৰ ৫১গৰাকীক পুনৰ সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত স্কেনিং কৰা হয়।সংগ্ৰহ কৰা হৈছে ছোৱাব।তাৰে ৫১জনক কোৱাৰেণ্টাইন কৰা হৈছে।
আনহাতে,অন্য যাত্ৰীসকলক নিজ-নিজ জিলালৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে।তাতে তেওঁলোকক কৰা হ'ব কোৱাৰেণ্টাইন।
- Log in to post comments
- 10 views