দ্বিতীয়টো ৰূপ জিনিলে অসম কন্যা হিমাই

দ্বিতীয়টো ৰূপ জিনিলে অসম কন্যা হিমাই

দ্বিতীয়টো ৰূপ জিনিলে অসম কন্যা হিমাই

এছিয়ান গেমছৰ মিক্সড ৰীলেত ৰূপৰ পদক লাভ কৰি অন্য এক ইতিহাস ৰচনা কৰিলে অসম কন্যা হিমা দাসে।দলীয়ভাৱে ভাৰতে ৰূপৰ পদক দখল কৰিলে । হিমাই লাভ কৰিলে দ্বিতীয়টো ৰূপৰ পদক । এছিয়াডত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা মিক্সড ৰীলেত উজলি উঠিল অসম কন্যা।

হিমাৰ লগতে ভাৰতীয় দলত আছিল মহম্মদ য়াহিয়া,অৰেকিয়া ৰাজীৱ আৰু পুভাম্মা ৰাজু।৩:১৫:৭১ মিনিট সময়েৰে দ্বিতীয় স্থান দখল কৰে ভাৰতে। বাহৰেইনৰ দলটোৱে স্বৰ্ণ পদক লাভ কৰে।এখন প্ৰতিযোগিতাত দুটা পদক লাভ কৰাটো ভাৰতীয় খেলুৱৈৰ বাবে অতি গৌৰৱৰ বিষয়। এনে বিৰল কৃতিত্ব অৰ্জন কৰি দেখুৱালে হিমাই ।
২০০মিটাৰৰ দৌৰত হিমাই ছেমি ফাইনেলৰ বাবে আগবাঢ়ি থমকি ৰ'ব লগা হ'ল। পিষ্টল বাজি উঠাৰ আগমুহূৰ্ততে ষ্টাৰ্টিং ব্লক এৰি দৌৰ দিয়াৰ বাবে হিমাই অংশগ্ৰহণৰ সুযোগ হেৰুৱালে। মহিলাৰ ৰীলেত হিমাই অংশগ্ৰহণ কৰিব।

Your Comments