
গুৱাহাটী আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ কোভিড-১৯ আক্রান্ত চিকিৎসক ছাত্ৰী ডাঃ দীপা ডেকাৰ সংস্পৰ্শলৈ অহা ৭১গৰাকী হোষ্টেল আৱাসীৰ ফলাফল আহিল।কোভিড-১৯ পৰীক্ষাত সকলোৰে নমুনা ঋণাত্মক আহিছে।এই কথা প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে।ইয়াৰ উপৰিও আক্রান্ত ছাত্ৰীগৰাকীৰ সৈতে একেলগে কাম কৰা দুজন চিকিৎসকৰো ফলাফল নিগেটিভ আহিছে।
গুৰুত্বপূৰ্ণ যে শুকুৰবাৰে ছাত্ৰগৰাকী কোভিড-১৯ আক্রান্ত হোৱাৰ কথা পোহৰলৈ আহিছিল।ছাত্ৰীগৰাকী থকা হোষ্টেলটোৰ প্ৰতিগৰাকী ছাত্ৰীৰ নমুনা সংগ্ৰহ কৰা হৈছিল।তাৰে ফলাফল আহিছে আজি।
উল্লেখ যে গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ আক্রান্ত কনিষ্ঠ চিকিৎসক ডাঃ লিথিকেশৰ সংস্পৰ্শলৈ আহিছিল ছাত্ৰীগৰাকী।
- Log in to post comments
- 12 views