নিউজ ডেস্ক :
গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ এগৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯।উল্লেখ্য যে সৰ্বমুঠ ৪০ গৰাকী ছাত্ৰী আছে আক্ৰান্ত ছাত্ৰী গৰাকী থকা নিবাসটোত।সকলো ছাত্ৰীৰে শ্বোৱাব টেষ্ট কৰা হ'ব বুলি ইতিমধ্যেই ঘোষণা কৰিছে কৰ্তৃপক্ষই।ইফালে ছাত্ৰী সকলক চিন্তিত নহবলৈ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।আজি পুৱাই হোষ্টেলখনত গৈ উপস্থিত হয় মহানগৰী জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী উচ্চ পদস্ত বিষয়া আৰু স্বাস্থ্য বিভাগৰ লোক।
উল্লেখ্য যে গুৱাহাটী মেডিকেল কলেজৰ স্নাতকোত্তৰ মহলাৰ আক্রান্ত ছাত্ৰ ডঃ লিথিকেশ ডি এছৰ সংস্পৰ্শলৈ অহা বাবেই অন্য বহুতৰ লগতে ছাত্ৰী গৰাকীৰো নমুনা সংগ্ৰহ কৰা হৈছিল।সেই নমুনা ফলাফলত ছাত্ৰী গৰাকীৰ দেহত ক'ৰনাৰ উপস্থিতিৰ কথা পোহৰলৈ আহে।
গুৰুত্বপূৰ্ণ কথা কথা এই যে আক্রান্ত ছাত্ৰী গৰাকীৰ সৈতে হোষ্টেলখনৰ সৰ্বমুঠ ৪গৰাকী ছাত্ৰীৰ নমুনা পৰীক্ষা কৰা হৈছিল। জানিব পৰা মতে ছাত্ৰী গৰাকী ১মে' লৈকে ডিউটি কৰিছিল। ছাত্ৰী গৰাকী বৰ্তমানে সুস্থ হৈ আছে আৰু তেওঁৰ গাত কোনো লক্ষণ দেখা পোৱা হোৱা নাই।
দিপা ডেকা নামৰ ছাত্ৰী গৰাকীক বৰ্তমান মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
ইফালে সমগ্ৰ হোষ্টেলৰ চৌহদতো চেনিটাইজ কৰাৰ কামো আৰম্ভ কৰা হৈছে।
- Log in to post comments
- 29 views