কংগ্ৰেছ নেতা দুলু আহমেদৰ বিস্ফোৰক ফেচবুক পোষ্ট:নেতৃত্বৰ বাবে সৎ-নিষ্ঠাৱান নেতাৰ প্ৰয়োজন

Pic

'লকডাউন'ৰ মাজতো অব্যাহত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীত নেতৃত্বৰ পৰিৱৰ্তনৰ সংঘাত।অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দুলু আহমেদে নেতৃত্বৰ পৰিৱর্তনৰ কথা নিজৰ ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰিছে।উল্লেখ্য যে বৰ্তমানৰ দলটোৰ অসম প্ৰদেশ কমিটীৰ সভাপতি ৰিপুন বৰাৰ নাম আহমেদে উল্লেখ কৰা নাই যদিও তেওঁ উল্লেখ কৰিছে-'নগাঁৱৰ সাংসদ প্ৰদ্যু বৰদলৈ অথবা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুর্মীৰ দৰে সৎ-নিষ্ঠাৱান নেতাই নেতৃত্ব দলত প্ৰয়োজন বুলি।'

গুৰুত্বপূৰ্ণ যে দুলু আহমেদে দীৰ্ঘদিনৰ পৰা বৰ্তমানৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বৰ সলনিৰ বাবে দলৰ ভিতৰে-বাহিৰে মাত মাতি আহিছে।যাৰ বাবে তেওঁ কিছদিনৰ পূৰ্বে দলৰ পৰা বহিষ্কৃত হ'ব লগা হৈছিল।

দুলু  আহমেদে তেওঁৰ ফেচবুক পেজত লিখিছে এইদৰে-'নগাঁও লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় শ্রীযুত প্রদ্যুৎ বৰদলৈ ডাঙৰীয়াই নগাঁও লোকসভাৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ ১১হাজাৰ দৰিদ্ৰ পৰিয়ালৰ লোকক তেখেতৰ ব্যক্তিগত পুঁজিৰে প্ৰায় ৫০লাখ টকাৰ বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে মৰিয়নী সমষ্টিৰ দলৰ আন এগৰাকী বিধায়ক সন্মানীয় শ্ৰী ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই সমষ্টিৰ অন্তৰ্গত ১৮হাজাৰ দৰিদ্ৰ পৰিয়ালৰ লোকক ৫০০টকাকৈ প্ৰায় ৯০লাখ টকা বিতৰণ কৰে।আচলতে, আপোনালোকৰ নিচিনা সৎ-নিষ্ঠাবান নেতাই দলৰ নেতৃত্ব লোৱাৰ প্ৰয়োজন আহি পৰিছে।'

সাধাৰণ সম্পাদকগৰাকীৰ নেতৃত্বৰ  পৰিৱৰ্তনৰ মুকলি আহ্বানৰ পিছতে দলটোৰ ভিতৰ চ'ৰাত বিষয়টো চৰ্চিত হোৱাটো প্ৰায় নিশ্চিত হৈছে।

Your Comments