গুৱাহাটীত ৰাজ্যিক কাৰাটে কৰ্মশালা আৰু প্ৰতিযোগিতাৰ সামৰণি

karate_championship_assam

গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত ভোগেশ্বৰী ফুকনী ইণ্ডৰ ষ্টেডিয়ামত যোৱা ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা ১৮সংখ্যক সদৌ অসম কাৰাটে প্ৰশিক্ষণ শিবিৰ আৰু তৃতীয় বাৰ্ষিক ডব্লিউ টি এছ কে এফ কে এফ সদৌ অসম কাৰাটে প্ৰতিযোগিতাখনৰ দেওবাৰে সফল সামৰণি পৰে৷ তিনিদিনীয়া কাৰ্য্সূচীৰে আৰম্ভ হোৱা এই কৰ্মশালা আৰু প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি কৰে ৱৰ্ল্ড শ্ব'ট'কান ট্ৰেডিচনেল কাৰাটে ফেডাৰেচনৰ মুখ্য প্ৰশিক্ষক অষ্টম ডান ব্লেক বেল্টপ্ৰাপ্ত চিহান চত্ৰজিৎ চৌধুৰীয়ে৷ উক্তদিনাই আবেলি ৫ বজাত অনুষ্ঠিত কৰ্মশালাৰ দ্বাৰ উন্মোচন কৰে 'উকা'ৰ সাধাৰণ সম্পাদক নগেন বনজাঙে৷

karate_championship_

কৰ্মশালাখনৰ আৰম্ভণি অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অলপতে ক্ৰ'ৱেছিয়াত হৈ যোৱা ১২ বছৰৰ অনূৰ্ধ্বৰ বিশ্ব যুৱ কাৰাটেত ৰূপৰ পদক অৰ্জন কৰিবলৈ সংক্ষম হোৱা হেম্ফো বনজাঙকো ডব্লিউ টি এছ কে এফৰ অসম শাখাৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ধনেৰেও পুৰস্কৃত কৰা হয়৷ অসমৰ ১৪খন জিলাৰ প্ৰায় ২৫০জন কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাখনত খেলুৱৈসকলক অসম তথা ৰাজ্যৰ বাহিৰৰ কেইবাজনো প্ৰশিক্ষকে উচ্চ মানসম্পন্ন প্ৰশিক্ষণ প্ৰদান কৰাৰ পিছত যোৱা ২৫ তাৰিখে আবেলি এই কৰ্মশালাখনৰ সামৰণি পৰে৷

কৰ্মশালাৰ পৰাই তৃতীয় বাৰ্ষিক ডব্লিউ টি এছ কে এফ অসমৰ সদৌ অসম মুকলি কাৰাটে প্ৰতিযোগিতাখন আৰম্ভ হয়৷ এই প্ৰতিযোগিতাখন উদ্বোধন কৰে অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰিত ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী, সংবাদিক অদীপ কুমাৰ ফুকনে৷ উক্ত অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নিউজ এএছএনৰ সম্পাদক লুচী নেওগ, অসম পৰ্যটন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা আৰু সাংবাদিক নৱজ্যোতি কলিতাই৷

সৰ্বমুঠ ৩৫০জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাখনৰ আঁতধৰে ডব্লিউ টি এছ কে এফ, অসম শাখাৰ সভাপতি মাজহাৰুল ইছলামে৷ উক্ত প্ৰতিযোগিতাখনৰ সামৰণিত ল’ৰাৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কামৰূপ জিলাৰ হাজোৰ হিমাংশু ৰাজ পাটোৱাৰী আৰু ছোৱালীৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় কামৰূপ জিলাৰ হাজোৰে ঋষিতা দাসে৷ কৰ্মশালা আৰু প্ৰতিযোগিতাখন সুচাৰুৰূপে সম্পন্ন কৰাত সহযোগিতা আগবঢ়ায় চানছেই ৰূপক ৰাজবংশী, হাছমত আলী, পৱিত্ৰ ৰাজবংশী, খগেন কলিতা, দেৱব্ৰত শৰ্মা, মণ্টু ওজা, দিপাঙ্কৰ মজুমদাৰ, জয়ন্ত বৰ্মন, অশোক সিংহ, মনোজ বড়ো, আটোৱাৰ ৰহমান, চিমৰাণ বৰা আৰু চানছেই ৰণ্টু হালৈয়ে৷ 

Your Comments