এছিয়ান গেমছৰ ইতিহাসত বেডমিণ্টনৰ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হোৱাৰ কৃতিত্বৰ গৰাকী হ'ল পি ভি সিন্ধু ।
আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতৰ তাৰকা শ্বাটলাৰগৰাকীয়ে বিশ্বৰ ২নং স্থানৰ আকেন য়ামাগুচিক ২১-১৭, ১৫-২১, ২১-১০ ব্যৱধানত পৰাস্ত কৰে । উল্লেখযোগ্য যে আন্তৰ্জাতিক পৰ্যায়ত সিন্ধু বৰ্তমান ২নং স্থানৰ খেলুৱৈ ।
ফাইনেলত সিন্ধুৱে সোণৰ পদক জয় কৰিব বুলি প্ৰৱল আশাৰ সঞ্চাৰ হৈছে বেডমিণ্টনপ্ৰেমী ভাৰতীয়ৰ মাজত ।
জাকাৰ্টাত চলি থকা অষ্টাদশ এছিয়ান গেমছত আনগৰাকী তাৰকা ভাৰতীয় শ্বাটলাৰ ছাইনা নেহৱালে ইতিমধ্যে ব্ৰঞ্জৰ পদক জয় কৰিছে ।
- Log in to post comments
- 8 views