অৱশেষত অসমবাসীলৈ আহিল বহু প্ৰত্যাশিত সেই সুখবৰটো । জাকাৰ্টাত চলি থকা অষ্টাদশ এছিয়ান গেমছত স্বকীয় প্ৰতিভাৰে উজলি উঠিল অসম কন্যা হিমা দাস ।আজি অনুষ্ঠিত ৪০০ মিটাৰ দৌৰৰ ফাইনেলত হিমাই ৰূপৰ পদক লাভ কৰে । ৪০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ হিমাক প্ৰয়োজন হ'ল ৫০.৭৯ ছেকেণ্ড । এই দূৰত্ব কালি ৫১ চেকেণ্ডত সম্পূৰ্ণ কৰিছিল হিমাই ।
হিমাৰ সাফল্যত সমগ্র অসমত উছাহ-আনন্দৰ জোৱাৰ উঠিছে । জোৱাৰ উঠিছে হিমাক অভিনন্দন জ্ঞাপনৰ । মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি মন্তব্য কৰিছে । ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে হিমাক অভিনন্দন জনাই কয় যে হিমাৰ সাফল্যত সমূহ অসমবাসী গৌৰৱান্বিত ।
- Log in to post comments
- 61 views