গোলাঘাটত মুখ্যমন্ত্ৰী সোণোৱালৰ ক'ৰ'না সন্দৰ্ভত পৰ্যালোচনা সভাত অংশগ্ৰহণ:সেৱাৰ মনোবৃত্তিৰে কাম কৰাৰ আহ্বান

Pic

গোলাঘাটৰ প্ৰতিবেদক:

বৰ্তমান সমগ্ৰ বিশ্বত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাপনা সম্পৰ্কত অৱগত হ'বলৈ শনিবাৰে গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল।হেলিকপ্টাৰেৰে আহি উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে ক'ৰ'না প্ৰতিৰোধৰ ব্যৱস্থাপনা সম্পৰ্কত পৰ্যালোচনা কৰি পোনে পোনে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ সমগ্ৰ চিকিৎসালয়খন পৰিদৰ্শন কৰে। লগতে ক'ৰ'না আক্ৰান্তৰ বাবে নিৰ্মাণ কৰা আছুতীয়া কক্ষ আৰু অন্যান্য সা-সুবিধাসমূহৰো বুজ লয়। ইয়াৰ পিছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য,খাদ্য, অসামৰিক যোগান,শ্ৰম,পৌৰসভা তথা চেম্বাৰ্চ অব্ কৰ্মাচৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনাত মিলিত হয়।সভাত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে শক্তিবিন্দু উপস্থাপনেৰে প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰে।এনে সংকটৰ সময়ত সকলো বিভাগীয় বিষয়াসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে সেৱাৰ মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায়।

Your Comments