চীন, জাপান, কোৰিয়া, শ্ৰীলংকা, কেনিয়া,দক্ষিণ আফ্ৰিকা আদি দেশতকৈ উৎকৃষ্ট অসমৰ চাহ ।জামুগুৰিহাটৰ নাহৰবাৰীৰ চাহ উদ্যোগত উৎপাদিত অৰ্চনা ব্লেক টী ব্ৰেণ্ডে বিশ্ব শ্ৰেষ্ঠ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । হংকঙত অলপতে অনুষ্ঠিত হৈছিল বিশ্ব পৰ্যায়ৰ উন্নত আৰু সৰ্বশ্ৰেষ্ঠ মানসম্পন্ন স্বাদৰ চাহৰ প্ৰতিযোগিতা ।
বিশ্বৰ বহু চাহ উৎপাদনকাৰী দেশৰ লগতে ভাৰতৰ ১৫ খন ৰাজ্যৰপৰা বিভিন্ন গোষ্ঠীয়ে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল । অসমৰ চাহ উদ্যোগৰ বাবে অতি ভাল খবৰ যে শোণিতপুৰ জিলাৰ নাহৰবাৰী চাহ উদ্যোগত উৎপাদিত চাহে প্ৰতিযোগিতাত তিনিটা শ্ৰেষ্ঠতম স্হান দখল কৰিবলৈ সক্ষম হয়।
অসমৰ ক্ষুদ্র চাহ বাগিচাৰ খেতিয়কসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰটো হ'ল, এই চাহপাত অসমৰ ক্ষুদ্র চাহ বাগিচাত উৎপাদিত । নাহৰবাৰী চাহ উদ্যোগৰ লগত জড়িত হৈ আছে ৪২ টা আত্মসহায়ক গোটৰ ২,২০০ টা অসমীয়া পৰিয়াল ।
নাহৰবাৰী চাহ উদ্যোগত উৎপাদিত অৰ্চনা চাহ,অসমী টী আৰু শোণিতপুৰ চাহ নামেৰে ৩টা ব্ৰেণ্ডৰ চাহ প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা হৈছিল।
২০১৬ চনত স্হাপন হোৱা চাহ উদ্যোগটোৱে ১৮০ বিঘাৰো অধিক মাটিত জৈৱিক চাহ উৎপাদন কৰিছে । নাহৰবাৰীয়ে দেখুৱাই দিয়া পথেৰে অসমৰ ক্ষুদ্র চাহ খেতিয়কসকল আগবঢ়া প্ৰয়োজন হ'ব।
- Log in to post comments
- 40 views