শিঙিমাৰীত অসম আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা,প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ মৃত্যু বাৰ্ষিকী পালন

Pic

মৃণাল ডেকা,শুৱালকুছি:

অসম আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা,অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ভৃগু কুমাৰ ফুকনৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী  শনিবাৰে 'ভৃগু কুমাৰ ফুকন মিছন'ৰ উদ্যোগত শিঙিমাৰীত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে অসম গণ পৰিষদ দলৰ প্ৰবীণ কৰ্মী পদ্মৰাম পাঠকে ৷ বন্তি প্ৰজ্বলন কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই।ভৃগু কুমাৰ ফুকন মিছনৰ সভাপতি নৃপেন্দ্ৰ নাথ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এখন স্মৃতিচাৰণ সভাত উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই কয় যে ৰাইজৰ দল বুলি সততে দাবী কৰি অহা আঞ্চলিক দল অগপই ভৃগু কুমাৰ ফুকনৰ দৰে অকালতে হেৰাই যোৱা জনদৰদী নেতাসকলৰ কৰ্মৰাজিৰে ৰাইজৰ মাজত সোমাই পৰিব নোৱাৰাটো দলটোৰ অকৰ্মণ্যতাৰ পৰিচায়ক ।আজি ভৃগু কুমাৰ ফুকনৰ দৰে এসময়ৰ উচ্চ পৰ্যায়ৰ বলিষ্ঠ নেতাই মৃত্যুৰ পিছতো পৰিচয়হীনতাত ভুগিব লগা হৈছে ।এই কথা জাতীয়তাবাদী শিবিৰৰ বাবে চৰম দুৰ্বলতাৰ পৰিচায়ক বুলি উল্লেখ কৰি পুনৰাই কয় যে অথচ এনে নেতা-কৰ্মী দক্ষিণ ভাৰত বা আন ঠাইত হোৱাহেঁতেন তেওঁলোকে তাক সঁচা আবেগ-অনুভূতিৰে মাৰ্জিতভাৱে সুসজ্জিত ৰূপত ৰাইজৰ মাজলৈ লৈ গ’লহেতেন ৷তেওঁ জালুকবাৰী সমষ্টিৰ যিকোনো এঠাইত প্ৰাক্তন বিধায়কগৰাকীৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰি তেওঁৰ আদৰ্শ জীয়াই ৰাখিবলৈ ভৃগু কুমাৰ ফুকন মিছনক আহ্বান জনায় ৷স্মৃতি চাৰণ সভাত উপস্থিত থাকে ভৃগু কুমাৰ ফুকনৰ সচিব নবীন কলিতা, ভৱেেশ দাস,নিতুল বৰ্মন আদি তথা বিশিষ্ট ব্যক্তিসকলে।উল্লেখ্য,১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ চলা অসম আন্দোলনৰ তেওঁ এজন গুৰি ধৰোঁতা আছিল। তেওঁ বৰ্তমানলৈ অসমৰ ইতিহাসৰ সৰ্বকনিষ্ঠ গৃহমন্ত্ৰী।অসম গণ পৰিষদৰ দলৰ চৰকাৰৰ তেওঁ ২৯  বছৰ  বয়সতে গৃহমন্ত্ৰী হৈছিল।জালুকবাৰী সমষ্টিৰ জনদৰদী নেতাগৰাকীৰ ২০০৬ চনৰ ২০ মাৰ্চত নতুন দিল্লীৰ সদৌ ভাৰত চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (AIIMS)ত মৃত্যু হয়।

Your Comments