এছিয়ান গেমছত ২৫টা পদকেৰে ভাৰত অষ্টম স্থানত

tennis

 

ভাৰতৰ শীৰ্ষ স্থানৰ টেনিছ খেলুৱৈ ৰোহণ বোপান্না আৰু দিভিজ ছাৰাণৰ যুটিয়ে মালয়েছিয়াত চলি থকা এছিয়ান গেমছৰ টেনিছৰ ডাবল্‌ছ শাখাত সোণৰ পদক পাবলৈ সক্ষম হৈছে ৷

ৰয়িঙৰ দলীয় শাখাতো ভাৰতে সোণ বুটলিবলৈ সক্ষম হয় ৷

rowing

খেলখনত কাজাকাস্তানৰ আলেকজেণ্ডাৰ বুবলিক আৰু ডেনিছ ইডিছইডক ৬-৩, ৬-৪ সম্পূৰ্ণ ছেটত পৰাজিত কৰে ৷

সম্পূৰ্ণ খেলখনত সময় লৈছিল ৫২ মিনিট ৷ এইটো হৈছে ভাৰতৰ বাবে টেনিছৰ শাখাত দ্বিতীয়টো পদক ৷

ইয়াৰ আগতে অংকিতা ৰাইনাই মহিলা ছিংগল্‌ছ শাখাত ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছিল ৷

tennis

আজি ভাৰতৰ মহিলা কাবাডী দলটোৱে ইৰাণৰ মহিলা দলটোৰ লগত ফাইনেলত মুখামুখী হৈ ৰূপৰ পদকতে ক্ষা্ন্ত থাকিবলগা হয় ৷

আনহাতে, হেনা সিন্ধুৱে ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক পায় ৷

আজি ষষ্ঠ দিনত ভাৰতে সৰ্বমুঠ ২৫টা পদক পায় ৷ তাৰে ৬টা সোণ, ৫টা ৰূপ আৰু ১৪টা ব্ৰঞ্জৰ পদক ৷ মুঠ ২৫টা পদকেৰে ভাৰত তালিকাৰ ৮ম স্থানত আছে ৷ 

Your Comments