ৰাজ্যৰ বুদ্ধিজীৱী-শিল্পীৰ মুকলি আহ্বান পুঁজিপতি গোষ্ঠীৰ ফিল্মফেয়াৰ এৱাৰ্ড বৰ্জন আৰু বাতিল কৰক

 

"নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ পৰিস্থিতি এতিয়া সৰ্বাত্মক-সৰ্বস্তৰীয় গণ আন্দোলনত আছে।এনে সময়ত ফিল্মফেয়াৰৰ দৰে এটা ব্যক্তিগত পুঁজিপতি গোষ্ঠীৰ এখন আলোচনীৰ এটা অনুষ্ঠান চৰকাৰী পৃষ্ঠপোষকতাত ৰাইজৰ ধনেৰে অনুষ্ঠিত কৰাটো গ্ৰহণযোগ্য নহয়"-এই মন্তব্য অধিবক্তা তথা আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ,অসমৰ মুখ্য আহ্বায়ক অৰূপ বৰবৰাৰ।১৫ফেব্ৰুৱাৰীত গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব লগা ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান বাতিল আৰু ৰাইজক বৰ্জন কৰাৰ আহ্বান জনাই  মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৰাজ্যৰ 'কা' বিৰোধী বুদ্ধিজীৱী-শিল্পী-নাগৰিক সমাজে ঐক্যবদ্ধভাৱে সংবাদমেল সম্বোধন কৰে।চৰকাৰৰ পৃষ্ঠপোষকতাত ৩০কোটি টকা ৰাইজৰ ধনেৰে পূৰ্বতে কোনো ৰাজ্য চৰকাৰে এই পুঁজিপতি গোষ্ঠীৰ ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰাৰ নিদর্শন নাই বুলি উল্লেখ কৰি  অধিবক্তা বৰবৰাই কয় "এনে অনুষ্ঠান অসম-তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুস্থ সংস্কৃতিৰ বাহক হ'ব নোৱাৰে।অপসংস্কৃতিৰ বাহক হব"।

"কা' বিৰোধী প্ৰতিবাদৰ পটভূমিত এটা ব্যক্তিগত বঁটা প্ৰদান অনুষ্ঠান চৰকাৰী পৃষ্ঠপোষকতাৰে আয়োজন কৰাৰ পৰিকল্পনাতো এক কুক্ষিগত চৰকাৰী এজেণ্ডা"-বৰবৰুৱাই লগতে কয়।

আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা জাহ্ন বৰুৱাই সংবাদমেললৈ ফোনযোগে  মতামত প্ৰকাশ কৰি কয়- "ৰাইজৰ চৰকাৰ এখনে এনে অনুষ্ঠানৰ সৈতে কেনেদৰে জড়িত হ'ল।চৰকাৰী।পক্ষৰ যাৰ মগজুত এই কথাটো খেলালে তেওঁ অসমৰ সংস্কৃতিৰ বদন।চৰকাৰখন জড়িত হৈ উদাহৰন দিছে অপসংস্কৃতিৰ চূড়ান্ত নিদৰ্শনৰ।"

"ৰাজ্য এতিয়া শোকৰ স্থিতিত আছে।পাঁচজনকৈ শ্বহীদ দুমাহ দুুমাহ হোৱা নাই।গতিকে এনে অনুষ্ঠান কাম্য নহয়"-এই  মন্তব্য অভিনেতা ৰবি শৰ্মাৰ।শৰ্মাই লগতে কয়-"অনুষ্ঠানটোৰ লগত যি ধঁপাতৰ বিজ্ঞাপন আহিব,তাক লৈয়ো অনুষ্ঠানটোৰ বিৰোধিতা কৰিছোঁ।"

আনহাতে,চৰকাৰী পক্ষত থকা শিল্পীসকলক কেনেদৰে এই অনুষ্ঠান বৰ্জন কৰিবলৈ আপোনালোকে আহ্বান জনাব বুলি সাংবাদিকে প্ৰশ্ন কৰাত অভিনেতা গৰাকীয়ে কয়-"শিল্পী হিচাপে আমাৰ কোনো চৰকাৰী আইকাৰ্ড নাই।কিছু শিল্পী আজি চৰকাৰৰ পদত থাকি দা-দৰমহা লৈ আছে।ৰাইজে সেইসকলক বিচাৰ কৰিব।আমি আহ্বান জনোৱাৰ বাহিৰে একো কৰিব নোৱাৰো"।

অসমৰ শিল্পী সমাজৰ বাবে ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত কাৰ্যসূচী থাকিব বুলি কোৱা প্ৰসংগৰ  আঁত   ধৰি অভিনেত্ৰী জেৰিফা ৱাহিদে  কয়-"এয়া ফিল্মফেয়াৰ ৰিজ'নেল অনুষ্ঠান নহয়।মেগাজিনখনৰ পৰম্পৰাগত বঁটা প্ৰদান অনুষ্ঠান।ইয়াত অসমৰ শিল্পীৰ বাবে কোনো কার্যসূচী নাথাকে।ৰিজ'নেল ফিল্মফেয়াৰৰ পৰা ইতিমধ্যে বাদ দিছে অসমক"।

চৰকাৰী পক্ষই কৈ থকা অসমৰ শিল্পীৰ অনুষ্ঠানৰ সন্দৰ্ভত  সন্দেহ ব্যক্ত কৰি ৱাহিদে আৰু কয়-"হয়তো ৰেড কাৰ্পেটত মাইক এটা ধৰাই থিয় কৰাই থ'ব পাৰ অসমৰ শিল্পীক।তাতকৈ বেছি একো নকৰে।"

শিল্পী পুলক বেনাৰ্জী, দুলাল ৰয়, সাংবাদিক মনজিৎ মহন্ত উপস্থিত থকা সংবাদ মেলৰ জৰিয়তে অসমবাসী ঐক্যবদ্ধ হৈ ফিল্মফেয়াৰ অনুষ্ঠান বাতিল কৰাৰ আহ্বান জনোৱাৰ লগতে 'আছু'কে ধৰি অসমৰ প্ৰতিটো জাতীয় সংগঠনক ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ  আহ্বান জনায় বুদ্ধিজীৱী, শিল্পী আৰু নাগৰিক সমাজে।
উল্লেখ যে সংবাদমেলখনৰ প্ৰতি সমৰ্থন জনাই স্বাক্ষৰ কৰিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী মঞ্চৰ সভাপতি ডক্টৰ হীৰেন গোহাঁই, অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা, শিল্পী ভূপেন উজীৰ, শান্তা উজীৰ, নমিতা ভট্টাচাৰ্য, অলক নাথ, জেপি দাস, পৃথিৰাজ ৰাভা, হাইদৰ হুছেইন, পৰেশ মালাকাৰ, ডক্টৰ অপূৰ্ব কুমাৰ বৰুৱা, নৰেন পাটগিৰী, লোকনাথ গোস্বামী, পাহাৰী শইকীয়া, দেৱেন তামুলী।ইয়াৰ উপৰিও ৰাজ্য প্ৰায় ৩২গৰাকীৰ শিল্পীয়ে ঐক্যবদ্ধ প্ৰচেষ্টাক সমৰ্থন কৰিছে।

Your Comments

Related Articles