'নাগৰিকত্ব সংশোধনী আইন- ২০১৯'ৰ বিৰুদ্ধে সমাজিক মাধ্যম ফেচবুক লাইভত অভিমত প্ৰকাশ কৰা বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হিমাংশু গগৈক অসম আৰক্ষীয়ে তলব কৰিছিল।মহানগৰীৰ ফটাশিল আমবাৰী আৰক্ষী থানাত মঙলবাৰে পুৱা ১১ বজাত গগৈক হাজিৰ হ'বলৈ নির্দেশ দিছিল।তাৰ পিছতে গগৈয়ে সামাজিক মাধ্যম ফেচবুকত আৰক্ষীয়ে তলব কৰাৰ কথা ৰাজহুৱা কৰিছিল। ফেচবুক লাইভৰ জড়িয়তে বায়ু সেনা কৰ্মচাৰী গগৈয়ে বাক-স্বাধীনতাৰ কাঢ়ি নিবলৈ বিচৰা বুলি উল্লেখ কৰি জনতাৰ আগত চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছিল।গগৈৰ ফেচবুক লাইভ সামাজিক মাধ্যমত পুনৰ ভাইৰেল হোৱাৰ পিচতে চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।সেই প্ৰতিক্ৰিয়াৰ পিছতে বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীক থানাত হাজিৰ হ'ব নালাগে বুলি ফোনযোগে অৱগত কৰে অসম আৰক্ষীৰ আজাৰা ডিভিজনৰ এচিপি প্ৰাঞ্জল বৰাই। উল্লেখ্য যে বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গগৈয়ে যোৱা ১২ জানুৱাৰীত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ লগতে তেওঁৰ লগত ইংৰাজীত কথোপকথন কৰিবলৈ ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছিল।ইয়াৰ উপৰিও নাগৰিকত্ব সংশোধনী আইনৰ ভয়াৱহতাৰ কথা উল্লেখ কৰিছিল।
- Log in to post comments
- 59 views